Minor fire breaks out in Bhubaneswar-Howrah Jan Shatabdi Express : ভুবনেশ্বৰ-হাওৰা জনশতাব্দী এক্সপ্ৰেছত অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, ৭ ডিচেম্বৰ : পুনৰ চলন্ত ৰে’লত অগ্নিকাণ্ড । বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনাৰ ।
এইবাৰ ওড়িশাৰ কটকত চলন্ত ৰে’লত অগ্নিকাণ্ড। বৃহস্পতিবাৰে পুৱাই ভুবনেশ্বৰ-হাওৰা জনশতাব্দী এক্সপ্ৰেছত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়(Fire breaks out on Bhubaneswar-Howrah Jan Shatabdi Express) ।
জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱাই জন শতাব্দী এক্সপ্ৰেছ কটক ৰে’ল ষ্টেচন আহি পাইছিল । সেই সময়তে ৰে’লখনৰ এটা কম্পাৰ্টমেণ্টৰ তলত জুই লাগে । লগে লগে যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে। ঘটনাৰ সম্পৰ্কে ৰে’ল কৰ্মচাৰীসকলক ঘটনাৰ সম্পৰ্কে অৱগত কৰা হয় । ঘটনাৰ সম্পৰ্কে খবৰ পোৱাৰ কিছু সময় পাছতে অগ্নি নিৰ্বাপক বাহিনী ৰে’ল ষ্টেচনত উপস্থিত হয় । অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত ৰক্ষা পৰে অন্য দবা।অৱশ্যে এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই । সকলো যাত্ৰী সুৰক্ষিত বুলি জানিব পৰা গৈছে(Fire breaks out on Bhubaneswar-Howrah Jan Shatabdi Express) ।
অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপণ কৰাৰ পাছত ৰে’লখনে পুনৰ যাত্ৰা আৰম্ভ কৰে । অগ্নিকাণ্ডৰ ৪৫ মিনিট মানৰ পাছতে ৰে’লখনে কটকৰ পৰা হাওৰা অভিমুখে পুনৰ যাত্ৰা আৰম্ভ কৰে(Fire breaks out on Bhubaneswar-Howrah Jan Shatabdi Express at Cuttack station today) ।
উল্লেখ্য যে, প্ৰায় ৰে’লত অগ্নিকাণ্ডৰ ঘটনা শুনিবলৈ পোৱা যায় । চলিত বৰ্ষত প্ৰায় কেইবাখনো ৰে’লত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ।চলিত বৰ্ষৰ জুন মাহত বঢ়মপুৰ ৰে’ল ষ্টেচনত চেকেন্দ্ৰাবাদ-আগৰতলা এক্সপ্ৰেছত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল । ৰে’লখনৰ বি৫ কম্পাৰ্টমেণ্টত জুই লাগিছিল । অনুসন্ধানৰ পাছত স্পষ্ট হৈছিল যে শ্বৰ্ট চাৰ্কিটৰ বাবে ৰে’লখনৰ ডবাত জুই লাগিছিল । ব্ৰহ্মপুৰ ষ্টেচনত থকাৰ সময়তে কম্পাৰ্টমেণ্টৰ পৰা ধোঁৱা ওলাই আহিছিল । লগে লগে যাত্ৰীসকল ৰে’লৰ পৰা আঁতৰি যায় ।
ইফালে ওড়িশাত নিৰন্তৰভাৱে ৰে’ল দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে । ক’ৰ’মণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাটো আছিল অতি শোকাৱহ(Minor fire breaks out in Bhubaneswar-Howrah Jan Shatabdi Express) ।
লগতে পঢ়ক : Karni Sena Chief Murder : ৩০ ঘণ্টা ওকলিল ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীৰ হত্যাৰ ঘটনাৰ