Local, Vocal, Global

Flood in Assam : দৰং জিলাৰ বন্যাৰ্তৰ কাষত মন্ত্ৰী পিয়ুষ হাজৰিকা

দৰং, ২০জুন : জটিল হৈ পৰিছে অসমৰ বান পৰিস্থিতি ।প্ৰাপ্ত তথ্য় অনুসৰি অসমৰ প্ৰায় ১০খন জিলাত প্ৰায় ৩১ হাজাৰ লোক বানৰ কৱলত আছে(Flood in Assam) । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে জাৰি কৰিছে ৰেড এলাৰ্ট অহা ৫দিনৰ অসমৰ কেইবাখনো জিলাত বৰষুণৰ আগজাননী দিছে।

ৰাজ্যত হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে বানপানী। ৰাজ্যৰ বিভিন্ন অঞ্চলত নৈৰ বাঢ়নী পানীয়ে ছিগি নিছে মথাউৰি। বহু অঞ্চলত বানে লৈছে ভয়াবহ ৰূপ(Minister Pijush Hazarika takes stock of flood situation)।

দৰং জিলাৰ কমাৰপাৰা অঞ্চলতো নোৱা নদীয়ে দুটাকৈ মথাউৰিৰ অংশ ছিগি নিয়ে। ফলত কাষৰীয়া অঞ্চল প্লাৱিত হয়। এই মথাউৰিটো নিৰ্মাণ কৰিছিল জিলা গ্ৰামীণ বিকাশ সংস্থাই।উল্লেখ্য যে, মঙলবাৰে দৰং জিলাৰ বান পৰিস্থিতি নিৰীক্ষণৰ বাবে আহে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা ৷ মঙ্গলদৈৰ কমাৰপাৰা নোৱা নৈ ভগ্ন মাঠাউৰি পৰিদৰ্শন কৰিলে মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷

আৰু অঞ্চলটোৰ ভুক্তভোগীসকলৰ কাষত থিয় হৈ মত-বিনিময় কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই। ছিগা মথাউৰি অংশ দুটা শীঘ্ৰেই মেৰামতি কৰাৰ বাবে ইতিমধ্যে বিভাগে কাৰ্যপন্থা হাতত লৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

আনহাতে মন্ত্ৰী হাজৰীকাই মথাউৰিটোৰ ছিগা অংশ দুটাৰ নিৰ্মাণ কাৰ্য শীঘ্ৰেই সম্পাদন কৰিবলৈ বিভাগীয় মুৰব্বীক নিৰ্দেশ প্ৰদান কৰে। মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শন কালত তেওঁৰ লগত সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাস,মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, দৰঙৰ জিলা আয়ুক্ত আৰু জলসম্পদ বিভাগ তথা জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক : Gang rape school girls : গোৱালপাৰাত তিনি পাষণ্ডই অপহৰণ কৰি দলৱদ্ধ ধৰ্ষণ কৰিলে ছাত্ৰী