মণিপুৰত উপস্থিত মন্ত্ৰী Pijush Hazarika

নিউজ ডেস্ক, ২ জুলাই : মণিপুৰৰ Tupulত সংঘটিত হোৱা ভূমিস্খলনৰ বুজ ল’বলৈ শনিবাৰে মণিপুৰত উপস্থিত হয় অসমৰ মন্ত্ৰী Pijush Hazarika। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মণিপুৰ ভ্ৰমণ কৰে মন্ত্ৰীগৰাকীয়ে।
শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাইছিল যে, ” মণিপুৰৰ ভূমিস্খলনত অসমৰ মৰিগাঁৱৰ ১ জন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে, ৫ জন চিকিৎসাধীন হৈ আছে আৰু এতিয়াও সন্ধানহীন হৈ আছে বুলি জানি দুখ পাইছো। কেবিনেট সহকৰ্মী Pijush Hazarika উদ্ধাৰ অভিযানত সমন্বয় ৰখাৰ বাবে যিমান সম্ভৱ সোনকালে মণিপুৰত উপস্থিত হ’ব,” ।
উল্লেখ্য যে, বুধবাৰে নিশা টুপুল য়াৰ্ড ৰেলনিৰ্মাণ স্থানৰ ওচৰৰ টেৰিটৰিয়েল আৰ্মি কেম্পত ভূমিস্খলন সংঘটিত হৈছিল। মণিপুৰৰ নোনি জিলাৰ টেৰিটৰিয়েল আৰ্মি কেম্পত হোৱা বৃহৎ ভূমিস্খলনৰ ফলত মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি পাইছে, আৰু মৃতসকলৰ ভিতৰত ১৫ জনেই সেনাৰ জোৱান আছিল।
বিষয়াসকলে জানিব দিয়ে যে, বৰ্তমান সময়লৈকে টেৰিটৰিয়েল আৰ্মীৰ ১৩ জন কৰ্মী আৰু পাঁচজন সাধাৰণ লোকক উদ্ধাৰ কৰা হৈছে, আনহাতে ৪৪ জন লোক এতিয়াও সন্ধানহীন হৈ আছে।
ভাৰতীয় সেনা, অসম ৰাইফলছ, টেৰিটৰিয়েল আৰ্মী আৰু কেন্দ্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ বাহিনীৰ দলৰ দ্বাৰা এতিয়াও ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা সকলক উদ্ধাৰৰ প্ৰচেষ্টা চলি আছে।