Local, Vocal, Global

Minister Nandita Gorlosa Distributed land patta : ডিব্ৰুগড়ত মিছন বসুন্ধৰা ২.০ ভুমি পট্টা প্ৰদান অনুষ্ঠান; ভূমিহীন খিলঞ্জীয়া লোকক আনুষ্ঠানিক ভাৱে ভূমিপট্টা প্ৰদান

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী : সমাগত লোকসভা নিবাৰ্চন । লোকসভা নিৰ্বাচনক লৈ তৎপৰ শাসক তথা বিৰোধী । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সকলো ৰাজনৈতিক দল তৎপৰ হোৱা সময়ত ৰাজ্য চৰকাৰে সমষ্টিয়ে সমষ্টিয়ে আয়োজন কৰিছে বিশাল সভাৰ। প্ৰদান কৰিছে ভূমি পট্টাৰ( Minister Nandita Gorlosa Distributed land patta) ।

আজি ডিব্ৰুগড়ত আয়োজন কৰা হয় এখন বিশাল জনসভাৰ, প্ৰদান কৰা হয় ভূমি পট্টা ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে আজি ডিব্ৰুগড় জিলাত আনুষ্ঠানিকভাৱে মিছন বসুন্ধৰা ২.০ আঁচনিৰ অধীনত ভূমিহীন খিলঞ্জীয়া লোকক আনুষ্ঠানিকভাৱে ভূমি পট্টা প্ৰদান কৰা হয় ।

উল্লেখ্য যে ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ডিব্ৰুগড় সমষ্টিৰ পূব আৰু পশ্চিম ৰাজহ চক্ৰৰ অধীনত ৫৩০ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে মিছন বসুন্ধৰা 2.0ৰ অধীনত ভূমি পট্টা প্ৰদান কৰা হয়(Minister Nandita Gorlosa Distributed land patta in Dibrugarh) ।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোছা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডাঃ চৈকত পাত্ৰ, জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ লগতে বিভাগৰ বিষয়াসকল ৷

লগতে পঢ়ক : Senior Congress leader Rana Goswami resigns from the post of Upper Assam in-charge : উজনি অসমৰ দায়িত্বৰ পৰা অব্যাহতি বিচাৰি ভূপেন বৰা,জীতেন্দ্ৰ সিঙলৈ পত্ৰ প্ৰেৰণ ৰাণা গোস্বামীৰ