Minister keshab Mahanta visit Mancachar South Salmara: দুদিনীয়া কাৰ্যসূচীৰে মঙলবাৰে মানকাচৰত উপস্থিত অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত
হাটশিঙিমাৰী,১৮ডিচেম্বৰ : দুদিনীয়া কাৰ্যসূচীৰে মঙলবাৰে মানকাচৰত উপস্থিত হয় অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত । গুৱাহাটীৰ পৰা মেঘালয়ৰ তুৰা হৈ মন্ত্ৰীগৰাকী মঙলবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত মানকাচৰ অগপ কাৰ্যালয়ত উপস্থিত হয়।
মানকাচৰত উপস্থিত হৈ মন্ত্ৰী কেশৱ মহন্তই অগপৰ কাৰ্যালয়ত প্ৰাক্তন বিধায়ক জাবেদ ইছলাম আৰু দলীয় কৰ্মীৰ সৈতে পঞ্চায়ত নিৰ্বাচনক লৈ বিভিন্ন আলোচনা কৰে। ইয়াৰ পাচত ভাৰত-বাংলাদেশ সীমান্ত পথেৰে সন্ধিয়া প্ৰায় ৭ বজাত হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে(Minister keshab Mahanta visit Mancachar South Salmara)।
আজি পুৱা ৮ বজাত মন্ত্ৰী গৰাকীয়ে ফেকামাৰী শিশু উন্নয়ন প্ৰকল্পৰ শুভ উদ্ধোধন কৰে।উদ্ধোধনৰ পাছতে টান গাওঁত আন এক প্ৰকল্পৰ উদ্ধোধনৰ বাবে ৰাওনা হয়।
ইয়াৰ পাছতে মন্ত্ৰী গৰাকীয়ে খাৰুৱাবান্দা খেল পথাৰত এক বিশাল জনসভাত অংশ গ্ৰহন কৰিব। ১০:৩০ বজাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ডেৰ শতাধিক মেধাৱী শিক্ষাৰ্থীক ড০ বাণীকান্ত কাকতা বঁটা প্ৰদান কৰিব।