Local, Vocal, Global

Minister Atul bora opened the office of women farmer producer company : দিচৈ চাৰিআলিত ‘সম্প্ৰীতি কৃষক উৎপাদক কোম্পানী’ নামৰ মহিলা গোটৰ কাৰ্যালয়ৰ শুভ উদ্বোধন মন্ত্ৰী অতুল বৰাৰ

গোলাঘাট, ১৫ ছেপ্টেম্বৰ : শনিবাৰে দেৰগাঁৱৰ নিৰ্কতৱতী দিচৈ চাৰিআলিত উপস্থিত হয় কৃষিমন্ত্ৰী অতুল বৰা ।দিচৈ চাৰিআলিত উপস্থিত হৈ মন্ত্ৰী অতুল বৰাই ‘সম্প্ৰীতি কৃষক উৎপাদক কোম্পানী’ নামৰ মহিলা গোটৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে ৷

কাৰ্যালয় উদ্ধোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, যোৰহাটত এপাৰ্ট’ৰ জৰিয়তে উজনি অসমভিত্তিত কৃষক উৎপাদন কোম্পানী সন্মিলন অনুষ্ঠিত হৈ আছে । য’ত উজনি অসমৰ ১১ খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে ( Minister Atul bora opened the office of women farmer producer company)৷

উল্লেখ্য যে কৃষিমন্ত্ৰীগৰাকীয়ে কাৰ্যালয় মুকলি কৰা ‘সম্প্ৰীতি কৃষক উৎপাদক কোম্পানী’ত ৫০০ গৰাকী মহিলা জড়িত হৈ আছে ৷ মুঠ তেৰ বিঘা মাটিত ৬ লাখ টকা বিনিয়োগ কৰি প্ৰায় ৫০ লাখ টকা উপাৰ্জন কৰিব বুলি আশা কৰা হৈছে ৷ এইক্ষেত্ৰত বিভাগীয় যি সুবিধা লাগে আগবঢ়াবলৈ প্ৰস্তুত বুলি মন্তব্য কৰে অতুল বৰাই( Minister Atul bora opened the office of women farmer producer company in Dergaon) ৷

লগত পঢ়ক: CBI arrests Sandip Ghosh, police officer for alleged delay in FIR registration : অৱশেষত চি বি আয়ে গ্ৰেপ্তাৰ কৰিলে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক