Local, Vocal, Global

Minister ashok singhal reaction on guwahati flood :অৱশেষত সোমবাৰে মহানগৰীত হোৱা পানীৰ ৰং চিনি পালে মন্ত্ৰী অশোক সিংহলে

নিউজ ডেস্ক,৬আগষ্ট : অৱশেষত পানীৰ ৰং চিনি পালে মন্ত্ৰী অশোক সিংহলে । সোমাবাৰে অহা এজাক মুষলধাৰ বৰষুণৰ পিছতে গুৱাহাটীত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ৰং চিনি পালে মন্ত্ৰী অশোক সিংহলে ।

মন্ত্ৰী অশোক সিংহলৰ মতে,সোমবাৰে গুৱাহাটী মহানগৰীত হোৱা পানীৰ ৰং ৰঙা । সেইবাবে এয়া মহানগৰীৰ পানী নহয় কাৰণ মহানগৰীৰ পানী ক’লা আৰু মেঘালয়ৰ পৰা অহা পানী ৰঙা । সোমবাৰে মহানগৰীত হোৱা পানী গুৱাহাটীৰ নহয় মেঘালয়ৰ পানীৰ ফলতহে মহানগৰীত সৃষ্টি হৈছে কৃত্ৰিম বান(Minister ashok singhal reaction on guwahati flood)।

গুৱাহাটীৰ বানক লৈ আজৱ মন্তব্য নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলৰ। বানৰ বাবে মহানগৰীৰ হাহাকাৰৰ মাজতে মন্ত্ৰী অশোক সিংহলে দিলে অদ্ভুত মন্তব্য।

লগতে মন্ত্ৰী সিংহলৰ আন এক গুৰুতৰ অভিযোগ, ইউ এছ টি এম, ডি পি এছ নিৰ্মাণৰ সময়ত পাহাৰ কটাৰ বাবেই এনে অৱস্থা হৈছে। মেঘালয়ৰ পানী ৰাষ্ট্ৰীয় ঘাইপথ বাগৰি ছায়েন্স মিউজিয়াম আৰু আই এছ কলনীও বুৰায় পেলায়।

লগতে পঢ়ক : All-party meeting underway in Parliament on Bangladesh crisis : বাংলাদেশৰ পৰিস্থিতিক লৈ কেন্দ্ৰৰ সৰ্বদলীয় বৈঠক