মেঘালয়ৰ পৰা আটক দুধৰ্ষ ডকাইত

নিউজ ডেস্ক, ১ জুলাই : শুকুৰবাৰে গুৱাহাটী আৰক্ষীয়ে মেঘালয়ৰ Byrnihat ৰ পৰা এজন দুধৰ্ষ ডকাইতক আটক কৰে।
খবৰ অনুসৰি, বিনয় দাস বুলি চিনাক্ত কৰা ডকাইতটো গুৱাহাটী আৰু অন্যান্য কেইবাটাও স্থানত সংঘটিত চুৰিৰ ঘটনাৰ সৈতে জড়িত আছিল।
শেহতীয়াকৈ, দাসে পানবজাৰ অঞ্চলত এগৰাকী মহিলাৰ পৰা ১০ লাখ টকা লুটি লৈছিল। আনহাতে তেওঁ কোকৰাঝাৰতো একে ধৰণৰ গোচৰত জড়িত আছিল।
২৮ জুনত Byrnihatত এজন লোকৰ পৰা ২ লাখ টকা লুটি লৈ তেওঁৰ বাইকত পলাই যাবলৈ চেষ্টা কৰাৰ পৰৱৰ্তী সময়ত তেওঁক আটক কৰা হৈছিল।
সূত্ৰই জনায় যে ঘটনাস্থলীত স্থাপন কৰা CCTV কেমেৰাৰ সহায়ত আৰক্ষীয়ে তেওঁক চিনাক্ত কৰিবলৈ সক্ষম হৈছিল।