Local, Vocal, Global

Milk Price Hiked In Guwahati : জনতাৰ ওপৰত চৰকাৰৰ আন এক মাধমাৰ; গুৱাহাটীত পুনৰ বাঢ়িল গাখীৰৰ মূল্য

নিউজ ডেস্ক,১জুন : ৰাইজক মাধমাৰ দিবলৈ সাজু শাসনাধিষ্ঠ চৰকাৰ । জনতাৰ ওপৰত চৰকাৰৰ আন এক মাধমাৰ। ইতিমধ্যেই মুদ্ৰাস্ফিতীয়ে কোঙা কৰি তোলা জনতাৰ সমস্যা ই দুগুণ কৰি তুলিব ।

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ইতিমধ্যে কোঙা কৰিছে সাধাৰণ জনতাক। সকলোবোৰ সামগ্ৰীৰ মূল্যবৃ্দ্ধি অব্যাহত থকাৰ মাজতে পুনৰ আহিল আন এবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ খবৰ ।

গুৱাহাটীত পুনৰ বাঢ়িল গাখীৰৰ দাম। প্ৰতিলিটাৰ গাখীৰত বৃদ্ধি হ’ল ৫ টকাকৈ(Milk Price Hiked In Guwahati ) ।

গুৱাহাটীত গাখীৰৰ মূল্যবৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই । প্ৰতিলিটাৰ গাখীৰত ৫ টকাকৈ বৃদ্ধি কৰাৰ দাবী কৰিছে গো-পালক সন্থাই । আন আন সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে পশুখাদ্যৰ মূল্যবৃদ্ধি হোৱাৰ বাবে গাখীৰৰ মূল্যবৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে সন্থাৰ মালিগাঁও শাখাৰ সাধাৰণ সম্পাদক নাৰায়ণ ভাণ্ডাৰীয়ে ।

লগতে পঢ়ক : Lamding Silchar train service Suspended Indefinitely : অনিদিষ্টকাললৈ ৰে’ল চলাচল বন্ধ লামডিং-শিলচৰত