জম্মু-কাশ্মীৰত উগ্ৰপন্থীক আটক গাওঁবাসীৰ
নিউজ ডেস্ক, ৩ জুন : দেশত বৰ্তমানেও অব্যাহত আছে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান । কিন্তু এইবাৰ আৰক্ষী বা সেনা বাহিনী নহয়।
জম্মু-কাশ্মীৰৰ Reasi জিলাৰ গাওঁবাসীয়ে Lashkar-e-Taiba (LeT) দুজন উগ্ৰপন্থীক বৃহৎ পৰিমাণৰ অস্ত্ৰ আৰু বিস্ফোৰক সহ আটক কৰিছে।
জম্মুৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (ADGP)য়ে জনোৱা অনুসৰি আটক কৰা উগ্ৰপন্থী দুজনক ফৈজাল আহমেদ দাৰ আৰু তালিব হুছেইন বুলি চিনাক্ত কৰা হৈছে।
তেওঁ লগতে কয় উগ্ৰপন্থী দুজনৰৰ পৰা দুটা একে ৰাইফল, সাতটা গ্ৰেনেড আৰু এটা পিষ্টল উদ্ধাৰ কৰা হৈছে, ।
উল্লেখ্য যে, DGPয়ে গাওঁবাসীসকলৰ বাবে ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।