MHA launches portal for those seeking Indian citizenship under CAA : নাগৰিকত্বৰ আবেদনৰ সুবিধাৰ্থে নতুন পৰ্টেল মুকলি
 
				নিউজ ডেস্ক, ১২ মাৰ্চ : সোমবাৰে বলবৎ হ’ল নাগৰিকত্ব সংশোধনী আইন । নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিবাদ। প্ৰতিটো দল সংগঠনে কা বিৰুদ্ধে গঢ়ি তুলিছে গণতান্ত্ৰিক আন্দোলন(MHA launches portal for those seeking Indian citizenship under CAA)।
দল সংগঠনৰ প্ৰতিবাদৰ মাজতে চৰকাৰে CAA ২০১৯ ৰ অধীনত আবেদনকাৰীৰ সুবিধাৰ্থে এটা পৰ্টেল মুকলি কৰিছে । ‘indiancitizenshiponline.nic.in’ নামৰ এটা পৰ্টেল মুকলি কৰিছে । এই পৰ্টেলটোৰ জৰিয়তে যোগ্য লোকসকলে এতিয়াৰে পৰা ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব ।
জানিব পৰা মতে, পৰ্টেলৰ উপৰিও, চৰকাৰে ‘CAA ২০১৯’ নামৰ এটা ম’বাইল এপ শীঘ্ৰে মুকলি কৰিব বুলি ঘোষণা কৰে(MHA launches web portal for Indian citizenship seekers) ।
লগতে পঢ়ক : Nayab Saini to be new Haryana chief minister : নায়ব ছৈনী হ’ব হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী
 
						 
			