Local, Vocal, Global

MGNREGA Scheme: দলগাঁৱৰ বেছিমাৰী গাঁও পঞ্চায়তত MGNREGA আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি

ওদালগুৰি,২২জানুৱাৰী : দলগাঁৱৰ বেছিমাৰী গাঁও পঞ্চায়তত MGNREGA আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি । নাম মাত্ৰ কাম কৰিয়ে লাখ লাখ টকা লুণ্ঠনৰ অভিযোগ।

দলগাঁৱৰ বেছিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত বেছিমাৰী গাওঁ পঞ্চায়তৰ এলেকাধীন বৰুৱাঝাৰ গাঁৱৰ হাইদৰ আলীৰ ঘৰৰ পৰা চুকাজানী নৈৰ পাৰে পাৰে আমিনুল ইছলামৰ বাসগৃহলৈ যোৱা পথটিৰ মেৰামতি বাবে ৮ লাখ ২০০০ টকা মঞ্জুৰী দিয়ে(MGNREGA Scheme)।

কিন্তু নাম মাত্ৰ কাম সম্পূৰ্ণ কৰিয়েই বাকী চৰকাৰী বৃহৎ ধন আত্মসাৎ কৰে একাংশই ।

পথটিত ব্যৱহাৰ কৰা মাটি সমূহ ওচৰৰে নৈৰ পৰা JCB ৰে খান্দি পথৰ দাঁতিত দিয়াৰো অভিযোগ তুলিছে গাওঁ খনৰে কেইবাগৰাকীও যুৱকে । যুৱকসকলে এই বিষয়ে প্ৰশ্ন কৰাত দুৰ্ব্যবহাৰ কৰাৰ অভিযোগ তুলিছে । বৰুৱাঝাৰ গাঁৱৰ এই পথটোৱে কণ-কণ ছাত্ৰ ছাত্ৰীৰ লগতে পথাচাৰীয়ে যাতায়ত কৰোঁতে ভুগিছে যমৰ যাতনা ।

বৃহৎ কৃষি প্ৰধান গাওঁখনৰ গঞা, কণ – কণ ছাত্ৰ ছাত্ৰীৰ লগতে পথাচাৰীৰ যাতায়তৰ সুবিধাৰ বাবে পথটো প্ৰাক কলন মতে কৰিবলৈ আহ্বান জনাইছে গঞাৰ লগতে যুৱক সকলে।

লগতে পঢ়ক:Forest department raid :নগৰবেৰাৰ দুটাকৈ স্থানত বন বিভাগৰ অভিযান