Maxico bus accident : ভয়ংকৰ পথ দুৰ্ঘটনা ,নিহত ২৯ জন
ইন্টাৰনেশ্যনেল ডেস্ক, ৬জুলাই : মেক্সিকোত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা (Maxico bus crash)।বুধবাৰে দক্ষিণ মেক্সিকোত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো । এটা খাৱৈত বাগৰি পৰে এখন বাছ ।ফলত সংঘটিত হয় এই ভযংকৰ দুৰ্ঘটনাটো । বাছৰ চালকজনে মাগদালেনা পেনাস্কো চহৰত বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাইছিল বুলি ধাৰণা কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, মেক্সিকো চহৰৰ পৰা দক্ষিণ অক্সাকা ৰাজ্যৰ মাজেৰে যাত্ৰা কৰি থকাৰ সময়তে বুধবাৰে পুৱা প্ৰায় ৬.৩০ মান বজাত দুৰ্ঘটনাগ্ৰস্ত হয় ৷ এই শোকাৱহ দুৰ্ঘটনাৰ ফলত নিহত হয় ২৯ জনকৈ লোক আৰু আহত হয় ১৯জনকৈ লোক(29 dead and 19 injured in tragic accident in Oaxaca) ।দুৰ্ঘটনাত আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আনহাতে আহত পাঁচজনক বিমানেৰে অক্সাকা চহৰৰ ৰাজ্যিক ৰাজধানীলৈ লৈ যোৱা হয় ৷
আৰক্ষীয়ে ঘটনা খবৰ পায় ঘটনাস্থলীত উপস্থিত আৰু অতি দুৰ্গম অঞ্চলত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ উদ্ধাৰ অভিযান চলাই। জানিব পৰা মতে, বাছখনৰ আটাইকেইজন যাত্ৰী শ্ৰমিক আছিল(Maxico bus accident) । তেওঁলোকে কাম শেষ কৰি গাঁৱলৈ উভতিছিল। মেক্সিকো চহৰৰ পৰা যাত্ৰা আৰম্ভ কৰা বাছখনৰ গৈ আছিল মিক্সটেকালৈ।
লগতে পঢ়ক : Assam police shot drug Smuggler : ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা