Merapani police arrest a bike thief : বাইক চুৰিত জড়িতৰ অভিযোগত আটক নাগালেণ্ড আৰক্ষীৰ এজনক

নিউজ ডেস্ক,৮মে’ : আৰক্ষীৰ জালত খোদ আৰক্ষী! বাইক চুৰিত জড়িতৰ অভিযোগত আটক নাগালেণ্ড আৰক্ষীৰ এজনক
বাইক চুৰি গেঙৰ বিৰুদ্ধে যোৰহাট আৰক্ষীৰ সফল অভিযান। যোৰহাট আৰক্ষীৰ অভিযানত জালত পৰিছে নাগালেণ্ড আৰক্ষীৰ লোকসহ দুজন।
মঙলবাৰে নাগালেণ্ডৰ উষা জিলাত যোৰহাট সদৰ থানাৰ আৰক্ষীয়ে মেৰাপানী আৰক্ষীৰ সহযোগত অভিযান চলাই চুৰি হোৱা ৩ খনকৈ ৰয়েল এনফিল্ড বাইক উদ্ধাৰ কৰাৰ লগতে আটক কৰে দুজনকৈ লোকক। যোৰহাট আৰক্ষীয়ে বাইক চুৰি চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত কৰায়ত্ত লোক দুজনৰ এজন নাগালেণ্ড আৰক্ষীত কৰ্মৰত বুলি জানিব পৰা গৈছে। খোদ নাগালেণ্ড আৰক্ষীৰ লোক বাইক চোৰৰ গেঙৰ সৈতে জড়িত থকা ঘটনাই এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ।
উল্লেখযোগ্য যে, বিগত দুমাহত যোৰহাটৰ পৰা চুৰি হৈছিল ১৫ খনতকৈয়ো অধিক দুচকীয়া বাহন। চোৰৰ দলে বাইকসমূহ চুৰি কৰি নাগালেণ্ডৰ একাংশ লোকক বিক্ৰী কৰিছিল।