Mentally challenged youth beaten, burnt to death by parents : নিজ অসুস্থ পুত্ৰক জুই লগা হত্যা পিতৃ-মাতৃৰ

নিউজ ডেস্ক,৩আগষ্ট : নিজ অসুস্থ পুত্ৰক জুই লগা হত্যা (Mentally challenged youth beaten, burnt to death by parents)।
কৰিমগঞ্জত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা ।নিজ পিতৃ মাতৃ সন্তানক মাৰপিট কৰি জুই লগাই হত্যা ।নিজৰ পিতৃ-মাতৃ আৰু আৰু মাহীয়েকৰ বিৰুদ্ধে উঠিছে হত্যাৰ অভিযোগ।
জানিব পৰা মতে, শুকুৰবাৰ নিশা প্ৰায় ১০টা বজাত উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পুৰাহুৰিয়া গাঁৱত পুখুৰীত উদ্ধাৰ হয় এজনৰ যুৱকজনৰ মৃতদেহ । লগে লগে সমগ্ৰ অঞ্চলজুৰি বিয়পি পৰে। ঘটনাস্থলীত উপস্থিত হয় স্থানীয় লোক। পুৰাহুৰিয়া গাঁৱৰ আব্দুছ শ্বাহিদৰ ৩২ বছৰীয়া অসুস্থ পুত্ৰ ছুহেল আহমদক শুকুৰবাৰে হত্যাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।অৱশ্যে এই অভিযোগ মৃত যুৱকজনৰ পিতৃ আৰু মাতৃয়ে অস্বীকাৰ কৰিছে। তেওঁলোকৰ মতে, যুবকজনে তেওঁলোকক মাৰপিট কৰি ঘৰত অগ্নি সংযোগ কৰে(Mentally challenged youth beaten, burnt to death by family in Karimganj)।
ইফালে স্থানীয় ৰাইজৰ পৰা লাভ কৰা ভিডিঅ’ ফুটেজত দেখা গৈছে যে , মৃত যুৱকজনৰ পিতৃ আব্দুছ শ্বাহীদ, মাতৃ দিলোৱাৰ বেগম আৰু মাহীয়েক হাছনা বেগমে প্ৰথমে যুবকজনৰ কোঠাৰ সন্মুখত লাঠি লৈ ৰৈ আছে। আনকি ভিতৰৰ ফালে বাঁহেৰে হনা-খোচাও কৰা দেখা গৈছে। সেই সময়ত কোঠাটোৰ পৰা ধোৱা ওলোৱা দেখা যায়। কোঠাটোৰ খিৰিকীখন খোলা থকা বাবে ভিতৰৰ জুই দেখা গৈছে ভিডিঅ’ত। সেই সময়ত যুৱকজনৰ চিঞৰ-বাখৰো ভিডিঅ’টোত শুনা গৈছে। পৰৱৰ্তী সময়ত অৰ্ধদগ্ধ যুৱকজনক পথৰ মাজত লাঠিৰে প্ৰহাৰ কৰাৰ দৃশ্যও বন্দী হয় কেমেৰাত।