Local, Vocal, Global

Men and Women allegedly tortured in Bongaigaon : উলংগ কৰি কিশোৰ-কিশোৰীক যৌন নিৰ্যাতন এচাম নৰাধমৰ

বঙাইগাঁও ,১৯মে’ : মানৱ সমাজক লজ্জানত কৰা ঘটনা ৷ প্ৰেমিক যুগলৰ ওপৰত আসুৰিক অত্যাচাৰ নৰপিশাচৰ ৷ উলংগ কৰি কিশোৰ-কিশোৰীক যৌন নিৰ্যাতন একাংশৰ ৷

বঙাইগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।বঙাইগাঁৱৰ নিকটৱৰ্তী পঞ্চপুৰ-কাচুৱাগাঁৱৰ বৰঝৰাত এহাল যুৱক-যুৱতীক অতিশায্য এচাম নৰাধমৰ।

ঘটনা অনুসৰি, নিজৰাত অৱসৰ বিনোদন কৰিলৈ গৈছিল দুই যুৱক-যুৱতী। কিন্তু তাত ৪-৫জনীয়া দুষ্ট চক্ৰই অকলশৰীয়া অৱস্থাত পোৱা যুৱক-যুৱতীক ধৰি প্ৰথমে নিৰ্যাতন চলাই তাৰ পিছতে যুৱক-যুৱতীক বিবস্ত্ৰ কৰি সমগ্ৰ ঘটনা ম’বাইলত ৰেকৰ্ডিং কৰি লয়। ভিডিঅ’কৰি লৈ নৰাধমৰ দলটোৱে যুৱক-যুৱতীহালক ব্লেক মেইলিক কৰে(Men and Women allegedly tortured in Bongaigaon)।

টকা নিদিলে ভিডিঅ’সমূহ সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়াৰ ভাবুকিও দিয়ে দুৰ্বৃত্তৰ দলটোৱে ৷ যুৱকজনৰ লগত ধন নথকাত যুৱতীগৰাকীক তাত এৰি ATMৰ পৰা ধন বিচাৰি তাৰ পৰা গুচি আহে। তাৰ পিছতে যুৱতীগৰাকীক অকলশৰীয়া অৱস্থাত পাই দুৰ্বৃত্তৰ দলটোৱে দলৱদ্ধভাৱে অপকৰ্ম কৰে ৷ কিন্তু বিগত কিছু দিন সমগ্ৰ ঘটনা গোপনে আছিল। কিন্তু এতিয়া সামাজিক মাধ্যমত দুষ্ট চক্ৰটোৱে ভিডিঅ’সমূহ ভাইৰেল কৰি দিয়ে।ঘটনাটো কেইদিনমান আগৰ যদিও সামাজিক মাধ্যমত অতি শেহতীয়াভাৱে ভাইৰেল হৈ পৰিছে ৷

আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত জিৰেন সৰকাৰ, সেবোৰাম সৰকাৰ, বিল্টু ৰাভা, সুনিত ৰাভা আৰু ডালিম বৰ্মন নামৰ পাঁচ নৰপিশাচক আটক কৰে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বঙাইগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক : BJP condemns killing of former Sarpanch in Shopian terror attack : শ্বপিয়ানত সন্ত্ৰাসবাদীৰ গুলীত নিহত দলীয় নেতা