Local, Vocal, Global

WATCH | Members of Raijor Dal held protests : ধেমাজি জিলা সদৰত বৃহৎ নদীবান্ধ বন্ধ কৰা দাবীৰে উত্তাল প্ৰতিবাদ ৰাইজ দলৰ

ধেমাজি,৩জুন : ধেমাজি জিলা সদৰত বৃহৎ নদীবান্ধ বন্ধ কৰা দাবীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ ৰাইজ দলৰ ।

ৰাইজৰ দল, জাতীয় যুৱ বাহিনী আৰু জাতীয় নাৰী বাহিনীৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত ধেমাজি সদৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে।

নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ লগতে অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰি থকা ১৩৪ টা বৃহৎ নদীবান্ধৰ কাম বন্ধ কৰাৰ দাবী জনায় প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাই(Members of Raijor Dal held protests)।

আজি প্ৰতিবাদত দেশৰ প্ৰধানমন্ত্ৰী প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰি অতি সোনকালে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প লগতে অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰি ১৩৪ টা জলবিদ্যুৎ প্ৰকল্প কাম বন্ধ দাবী জনাই প্ৰতিবাদকাৰীয়ে।

লগতে পঢ়ক :WATCH | Rangia News : এজাক বৰষুণতে খহি পৰিল ৰঙিয়াত নৱ নিৰ্মিত ৰঙালী শিশু উদ্যানৰ বেৰ