Meghalaya police seize 44900 spurious Phyensedyl syrup bottles : পুনৰ মেঘালয়ত জব্দ বুজন পৰিমাণৰ নকল কফছিৰাপ

নেশ্যনেল ডেস্ক, ৪অক্টোবৰ : এইবাৰ নকল কফছিৰাপ জব্দ । মেঘালয়ত জব্দ নকল কফছিৰাপ । পুনৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত জব্দ বুজন পৰিমাণৰ নকল কফছিৰাপ । মঙলবাৰে নিশা এখন ট্ৰাকৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ কফছিৰাপখিনি(Meghalaya police seize 44,900 spurious Phyensedyl syrup bottles ) ।
উল্লেখ্য যে, ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ লুমছনং থানাৰ আৰক্ষীয়ে মঙলবাৰে নিশা এক অভিযান চলাইছিল। এই অভিযানতে এখন ট্ৰাকৰ পৰা জব্দ কৰে কফছিৰাপখিনি।
ঘটনাৰ বিৱৰণ অনুসৰি মঙলবাৰে নিশা নাকা চেকিঙৰ সময়ত আৰক্ষীয়ে JK02 AU 5651 একেই পঞ্জীয়ন নম্বৰ থকা দুখন ট্ৰাকক ৰ’বলৈ নিৰ্দেশ দিয়ে যদিও এখন ট্ৰাক নিৰ্দেশ অমান্য কৰি পলায়ন কৰে। কৰ্তব্যৰত আৰক্ষীয়ে ট্ৰাকখনক খেদি গৈ আটক কৰে আৰু লুমছনং থানালৈ লৈ যায়। আৰক্ষীয়ে থানালৈ লৈ গৈ ট্ৰাকখনত তালাচী চলাই আৰু আৰক্ষীয়ে ট্ৰাকখনৰ পৰা জব্দ কৰে নকল ফেঞ্চিডাইল কফছিৰাপ ভৰ্তি ১৫০টা কার্টুন(Meghalaya police seize 44,900 spurious Phyensedyl syrup bottles in state’s Lumshnong area)।
কাৰ্টুন কেইটাৰ পৰা ৪,৪৯০০ টা কফ ছিৰাপৰ বটল উদ্ধাৰ কৰে আপক্ষীয়ে ।আৰক্ষীয়ে অনুমান কৰা অনুসৰি জব্দ কৰা কফছিৰাপৰ মুল্য কেবাকোটি টকা হ’ব । এই ঘটনা সন্দৰ্ভত এনডিপিএছ ধাৰাৰ অধীনত লুমছনং থানাত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে(Police seize over 40 k bottles of cough syrup in EJH )।
আনহাতে, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মেঘালয় আৰক্ষীৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰি এক্সত লিখে, ট্ৰাকৰ পৰা নকল ফেঞ্চিডাইল কফছিৰাপ ভৰ্তি ১৫০টা কার্টুন জব্দ কৰাটো দলটোৰ বাবে অতি প্ৰশংসনীয়”।
লগতে পঢ়ক :Assam DGP urge to ULFA-I: দুই কেডাৰৰ মৃতদেহ বিচাৰি পুনৰ পৰেশ বৰুৱাক আহ্বান জি পি সিঙৰ