Meghalaya BSF seize contraband in Shillong-Dhaka bus at Dawki : যাত্ৰীবাহী বাছেৰে চোৰাং সামগ্ৰী সৰবৰাহৰ চেষ্টা একাংশ চোৰাং ব্যৱসায়ীৰ
নিউজ ডেস্ক,২৮আগষ্ট : যাত্ৰীবাহী বাছেৰে ভাৰতৰ পৰা বাংলাদেশলৈ চোৰাং সামগ্ৰী সৰবৰাহৰ চেষ্টা একাংশ চোৰাং ব্যৱসায়ীৰ।
চোৰাং সামগ্ৰী সৰবৰাহৰ সময়তে ভাৰত- বাংলা সীমান্তত অতন্দ্ৰ প্ৰহৰীৰ দায়িত্বত থকা সীমান্ত সুৰক্ষা বাহিনী ( বিএছ এফ) ৰ হাতত ধৰা পৰে সৰবৰাহ কৰা লাখ লাখ টকাৰ চোৰাং সামগ্ৰী।
পশ্চিম জয়ন্তীয়া পাহাৰৰ ডাউকি সীমান্তত বিএছ এফ, আৰক্ষী, শুল্ক বিভাগ আৰু ‘এলপিএআই’ য়ে শ্বিলং-ঢাকা মৈত্ৰী বাছত যুটীয়া অভিযান চলাই জব্দ কৰে চোৰাং সামগ্ৰীসমূহ । লগতে চোৰাং সামগ্ৰী সৰবৰাহৰ অভিযোগত তিনিজন বাংলাদেশী বাছৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে(Meghalaya BSF seize contraband in Shillong-Dhaka bus at Dawki, three held)।
বিএছ এফৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ,এক গোপন তথ্যৰ ভিত্তিত শ্বিলঙৰ পৰা ঢাকা অভিমুখী মৈত্ৰী বাছত তালাচী চলোৱা হৈছিল। তালাচীৰ সময়ত বাছখনৰ গোপন চেম্বাৰত লুকুৱাই অনা বুজণ পৰিমাণৰ ৰূপ, কাপোৰ (শাৰী), মোবাইল ফোন, হেডফোন, মোবাইল ফোনৰ আনুষংগিক সামগ্ৰীকে ধৰি যথেষ্ট পৰিমাণৰ ইলেক্ট্ৰনিক সামগ্ৰী জব্দ কৰা হয়(Meghalaya BSF seize contraband in Shillong-Dhaka bus at Dawki)।
বাছখনৰ চালকসহ কৰ্মচাৰীক সোধা-পোছাৰ পিছত তেওঁলোকে এই সামগ্ৰীসমূহৰ কোনো বৈধ নথি-পত্ৰ দাখিল কৰিব নোৱাৰিলে। সম্পূৰ্ণ অবৈধভাৱে এই সামগ্ৰী সমূহ ভাৰতৰ পৰা বাংলাদেশলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল।
জব্দ কৰা সামগ্ৰীসমূহৰ মূল্য ৪৮ লাখতকৈ অধিক হ’ব বুলি সদৰী কৰে বিএছ এফৰ সূত্ৰটোৱে। জব্দ কৰা সামগ্ৰী আৰু আটকাধীন বাংলাদেশী নাগৰিক কেইজনক অধিক তদন্ত আৰু আইনী ব্যৱস্থাৰ বাবে ডাউকিস্থিত শুল্ক বিভাগৰ কাৰ্যালয়ত গতাই দিয়ে বিএছ এফে।
লগতে পঢ়ক : Sensational incident : ছুইমিং পুলত সলিল সমাধি দুই ভাতৃৰ