Media Baron Ramoji Rao Dead at 87 : ৰাম’জী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ তথা বিশিষ্ট উদ্যোগপতি ৰাম’জী ৰাওৰ দেহাৱসান
নিউজ ডেস্ক,৮জুন : ৰাম’জী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ তথা বিশিষ্ট উদ্যোগপতি ৰাম’জী ৰাওৰ দেহাৱসান। শনিবাৰে পুৱতি নিশা ৩.৪৫ বজাত দেহাৱসান ঘটে ৰাম’জী গ্ৰপৰ অধ্যক্ষ চেৰুকুৰি ৰাম’জী ৰাওৰ। বিশ্বৰ সৰ্ববৃহৎ ফিল্ম ষ্টুডিঅ’ ৰাম’জী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক আছিল চেৰুকুৰি ৰাম’জী ৰাও।
হায়দৰাবাদৰ ষ্টাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে চেৰুকুৰি ৰাম’জী ৰাওৱে। মৃত্যুৰ সময়ত ৰাম’জী ৰাওৰ বয়স আছিল ৮৭ বছৰ। দীৰ্ঘদিনে বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল চেৰুকুৰি ৰাম’জী ৰাও। প্ৰথমে বিশিষ্ট উদ্যোগপতি ৰাম’জী ৰাও উচ্চ ৰক্তচাপ আৰু উশাহ-নিশাহৰ কষ্টত ভুগিছিল। তাৰ পিছত অস্ত্ৰোপচাৰৰ ভেণ্টেলিশ্যনৰ সহায়ত ৰখা হৈছিল যদিও স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটে।সাংস্কৃতিক ক্ষেত্ৰৰ পৰা সংবাদমাধ্যমলৈ সকলোক্ষেতে অৱদান আছিল ৰাম’জী ৰাও। সংবাদ মাধ্যম আৰু টেলিভিছনৰ ধাৰাই সলনি কৰি দিছিলে ৰাম’জী ৰাওৱে। ।
ৰামোজী ৰাও আছিল ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপক মুৰব্বী, যাৰ নেতৃত্বত গঢ় লৈ উঠিছিল ৰামোজী ফিল্ম চিটি, যি বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ দৃশ্যগ্ৰহণস্থলী । মিডিয়া বেৰনগৰাকী ইনাডু বাতৰি কাকত, ইটিভি নেটৱৰ্ক, চলচ্চিত্ৰ প্ৰডাকচন কোম্পানী উষা কিৰণ মুভিজৰ দৰে বহু উল্লেখযোগ্য সংস্থাসমূহৰো কৰ্ণধাৰ আছিল।
দাক্ষিণাত্যৰ বিশিষ্ট উদ্যোগীগৰাকীৰ মৃত্যুত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাবে নিৰ্বাচিত নৰেন্দ্ৰ মোদী, জি কিষাণ ৰেড্ডী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বিভিন্ন ৰাজনৈতিক ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷ তেলুগু সংবাদ মাধ্যম তথা সাংবাদিকতা ক্ষেত্ৰৰ সমান্তৰালভাবে ছবি আৰু মনোৰঞ্জন জগতখনৈও থকা ৰাওৰ অৱদানক বিশিষ্ট ৰাজনৈতিক নেতাসকলে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে সামাজিক মাধ্যমযোগে ।
X যোগে মোদীয়ে কয়, “শ্ৰী ৰামোজী ৰাও গাৰুৰ মৃত্যু অত্যন্ত দুখজনক । ভাৰতীয় সংবাদ মাধ্যমত বিপ্লৱৰ সৃষ্টি কৰা এজন দূৰদৰ্শী ব্যক্তি ৰামোজী । তেওঁৰ চহকী অৱদানে সাংবাদিকতা আৰু চলচ্চিত্ৰ জগতত এক অবিস্মৰণীয় চিন ৰাখি থৈ গৈছে ।”তেওঁ লগতে কয় যে তেওঁৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁৰ জ্ঞানৰ পৰা উপকৃত হোৱাৰ কেইবাটাও সুযোগ পাইছো।এই কঠিন সময়ত তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অগণন প্ৰশংসকলৈ সমবেদনা জ্ঞাপন কৰিছো(Ramoji Rao, Media Baron And Head of ETV Network, Dies at 87)।
কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কয়, “শ্ৰী ৰামোজী ৰাও গাৰুৰ মৃত্যুত দুখী । তেলুগু সংবাদ মাধ্যম আৰু সাংবাদিকতালৈ তেওঁৰ উল্লেখযোগ্য অৱদান প্ৰশংসনীয়। তেওঁৰ পৰিয়ালৰ সদস্যসকললৈ মোৰ গভীৰ সমবেদনা । ওঁম শান্তি।”