MC Mary Kom Denies Taking Retirement from Boxing : অৱসৰ সন্দৰ্ভত অলিম্পিক পদকজয়ী বক্সাৰ মেৰী কমৰ স্পষ্টীকৰণ

নেশ্যনেল ডেস্ক, ২৫ জানুৱাৰী : অৱসৰ লোৱা নাই অলিম্পিক পদক জয়ী বক্সাৰ মেৰী কম । এক স্পষ্টীকৰণৰ জড়িয়তে বক্সাৰ গৰাকীয়ে কয় যে,’মই এতিয়ালৈ অৱসৰ ঘোষণা কৰা নাই'(Mary Kom Clarifies Retirement Statement, Focuses On Fitness)।
উল্লেখ্য যে, ডিব্ৰুগড়ৰ এক অনুষ্ঠানত বয়সে অনুমতি নিদিয়াৰ বাবেই অৱসৰ ল’ব লাগিব বুলি কৈছিল বক্সাৰগৰাকীয়ে। তেওঁ কৈছিল যে ক্ৰীড়াৰ সফলতাৰ বাবে তেওঁ এতিয়াও আগ্ৰহী ৷ কিন্তু বয়সৰ সীমাৰ বাবে তেওঁ অলিম্পিকত অংশগ্ৰহণ কৰিব নোৱাৰে । অৱশ্যে তেওঁ খেল অব্যাহত ৰাখিব বুলি কৈছিল । তাৰ পিছতে মেৰী কমৰ অৱসৰ সন্দৰ্ভত চলিছিল চৰ্চা । তাৰকা খেলুৱৈগৰাকীৰ মন্তব্যৰ ভুলকৈ উপস্থাপন কৰা হৈছে(Six-time world Boxing Champion Mary Kom Denies Reports of her Retirement) ।
বক্সাৰ গৰাকীয়ে জনোৱা মতে তেওঁ অৱসৰ লোৱা নাই আৰু এতিয়াও অৱসৰৰ কোনো পৰিকল্পনা কৰা নাই । লগতে খেলুৱৈগৰাকীয়ে অৱসৰ সম্পৰ্কীয় বাতৰিবোৰো খণ্ডন কৰে ।তেওঁ সংবাদ মাধ্যমৰ এই প্ৰচাৰ মিছা বুলি উল্লেখ কৰে আৰু কয় যে তেওঁ এতিয়ালৈকে অৱসৰ লোৱা নাই আৰু যেতিয়াই তেওঁ সিদ্ধান্ত ল’ব ব্যক্তিগতভাৱে সংবাদ মাধ্যমৰ সন্মুখত এই কথা ঘোষণা কৰিব । মেৰী কমৰ মতে তেওঁ এতিয়াও ফিটনেছৰ ওপৰত গুৰুত্ব দি আছে(MC Mary Kom Denies Taking Retirement from Boxing) ।