Local, Vocal, Global

Mayong Indrajal Magic Festival Celebrated : মৰিগাঁৱৰ মায়ঙত মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ

নিউজ ডেস্ক,১৮আগষ্ট : মৰিগাঁৱৰ মায়ঙত মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ । আজি দিনজোৰা কাৰ্যসূচীৰে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ খেল পথাৰত মায়ং ইন্দ্ৰজাল জাল মহোৎসৱ ২০২৪ অনুষ্ঠিত হয় ।

দেশৰ ভিতৰত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা এই যাদু মহোৎসৱ আজি পুৱাৰ ভাগতেই সমগ্ৰ মায়ং অঞ্চল উদুলি মুদুলি হৈ পৰে। উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰিছে মায়ঙৰ চৌপাশে।পুৱা পতাকা উত্তোলন কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। তাৰ পিছতেই বন্তি প্ৰজ্বলন কৰে(Mayong Indrajal Magic Festival Celebrated) ।

বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পিছত ড০ উৎপল নাথৰ ৰচনা আৰু প্ৰতাপ ডেকাই সুৰ কৰা ইন্দ্ৰজাল মহোৎসৱৰ শীৰ্ষ গীতটো পৰিবেশন কৰে পাচ শ যুৱক যুৱতীয়যুএই অনুষ্ঠানৰ পিছতেই এশ এজন বেজক সম্বৰ্ধনা জনোৱা হয়।তাৰ পিছতেই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ফিটা কাটি উদ্বোধন কৰে মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ কোৱৰে।জিলা আয়ুক্ত প্ৰমূখ্যে বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে।

আজিৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত এশ টা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে।বড়ো,তিৱা,কাৰ্বি, বিহু,জিকিৰ,পঞ্চ গোসাঁই উলিওৱা দৃশ্য,দৰা কইনা,পবিতৰা,আদিম মানৱ,কৃষক, বীৰ লাচিতৰ দৃশ্য ,ঝুমুৰ নৃত্যকে ধৰি অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতি সমুহ প্ৰদৰ্শন কৰা হয়(Mayong Indrajal Magic Festival Celebrated)।

লগতে পঢ়ক : Bhado month begins today: আজিৰে পৰা আৰম্ভ পৱিত্ৰ ভাদ মাহ