Maut dies in Pabitra : পবিতৰাত হাতী মাউতৰ মৃত্যু
নিউজ ডেস্ক,২০মে’ : পবিতৰাত হাতী মাউতৰ মৃত্যু । দেওবাৰে বিয়লিৰ ভাগত সংঘটিত হয় এই ঘটনাটো ।মৃত হাতী মাউতজনৰ নাম প্ৰনৱজ্যোতি ডেকা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, জাগীৰোড থানাৰ অন্তৰ্গত নবহতীয়া গাঁৱৰ যুৱক প্ৰনৱ জ্যোতি ডেকা নামৰ লোকজন পবিতৰাৰ মৃগৰাজ নামৰ হাতীটোৰ মাউত আছিল। আন দিনাৰ দৰে দেওবাৰেও সতীৰ্থসকলৰ সতে পবিতৰাৰ হাডুক বিলত হাতীক গা ধুৱাবলৈ পানীত নামিছিল(Maut dies in Pabitra)।
গা ধুৱাই থাকোতে অকস্মাত হাতীটোৰ পিঠিৰ পৰা প্ৰনৱ পিছল খাই পৰে। তাৰ পিছতেই হাডুক বিলত নিখোজ হৈ পৰে। লগে লগে সতীৰ্থ আৰু পবিতৰাৰ বন কৰ্মীসকলৰ মাজত হুৱাদুৱা লাগে ।ঘটনাৰ প্ৰায় এক ঘন্টা পাছতে প্ৰনৱৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
জানিব পৰামতে পবিতৰাৰ পৰা প্ৰনৱৰ মৃতদেহ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
এই ভয়ংকৰ ঘটনাটোৰ পিছতে প্ৰনৱৰ পৰিয়ালটো কান্দোনত ভাগি পৰে। ইফালে বন বিভাগে প্ৰনৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।
লগতে পঢ়ক : Guwahati-North Guwahati ferry services suspended : পুনৰ বন্ধৰ ঘোষণা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা