WATCH | Maulana Badruddin Ajmal: ‘মোক ক্ষমা কৰি দিব,মই মহিলাক বহুত সন্মান কৰো’: বদৰুদ্দিন আজমল
নিউজ ডেস্ক,২৪ফেব্ৰুৱাৰী : ক্ষমা বিচাৰিলে বদৰুদ্দিন আজমলে।
অখিল গগৈৰ অধ্যাপিকা-পত্নী গীতাশ্ৰী তামুলীক লৈ অশালীন মন্তব্য কৰাৰ পিছতে জোকাৰিছে গৈছিল ৰাজ্যৰ ৰাজনীতি। তাৰ পাছত সোমবাৰে আজমলে বিচাৰিলে ক্ষমা(Maulana Badruddin Ajmal)।
এটা ভিডিঅ’ বাৰ্তাত আজমলে কয়,‘কালি প্ৰেছৰ মানুহে অখিল গগৈৰ পত্নীৰ কথা সোধাত মই কোৱা কথাখিনি ‘মই কোনো মহিলাক অসন্মান কৰিবলৈ কোৱা নাই’, ‘মোৰ মহিলাৰ প্ৰতি সন্মান আছে’।’মহিলা মোৰ ‘মা’ হয়’।‘মই কথাখিনি বেইজ্জত কৰিবলৈ কোৱা নাছিলোঁ।’মোক ক্ষমা কৰি দিব,মই মহিলাক বহুত সন্মান কৰো’। অখিল গগৈ পত্নী যদি মোৰ কথাত দুখ পাইছে মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ।মই এবাৰ নহয় ১০বাৰ ক্ষমা বিচাৰিম। মোৰ কোনো আপত্তি নাই।’
বদৰুদ্দিনে লগতে কয়, একাংশ সংবাদ মাধ্যমে এইটো কিয় ইচ্ছ্যু বনাই দিছে। কিয় ইচ্ছ্যু কৰিছে মই বুজি পোৱা নাই। নাৰীক মই সন্মান কৰোঁ।’
লগতে পঢ়ক:WATCH |Teok News: টীয়কৰ মেলেঙস্থিত বীৰ লাচিত বৰফুকন ক্ষেত্ৰত অসম খিলঞ্জীয়া দিৱস উদযাপন