Local, Vocal, Global

WATCH | Maulana Badruddin Ajmal : “বদৰুদ্দিন আজমল অসমৰ কাৰনে বোজা স্বৰূপ”: সাংসদ ফণীভূষণ চৌধুৰী

নিউজ ডেস্ক,২৪ফেব্ৰুৱাৰী : গ্ৰেপ্তাৰ হ’ব পাৰে এইবাৰ বদৰুদ্দিন আজমল। থানাই থানাই আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু।

আজমলক ২৪ঘণ্টা সময় বান্ধি দি ৰাইজৰ দলৰ হুংকাৰ ক্ষমা নুখুজিলে ৰাজ্যত হ’ব ভয়ংকৰ আন্দোলন।অখিল গগৈৰ পত্নীক লৈ অশালীন মন্তব্য কৰি এতিয়া বিপদত বদৰুদ্দিন আজমল।

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বঙাইগাঁৱত এজাহাৰ দাখিল । ৰাইজৰ দলৰ ভগ্নী সংগঠন জাতীয় নাৰী বাহিনীৰ সম্পাদিকা মমী ৰায় চৌধুৰীয়ে দাখিল কৰে এজাহাৰ(Maulana Badruddin Ajmal)।

অখিল গগৈৰ অধ্যাপিকা পত্নী গীতাশ্ৰী তামুলীৰ বিৰুদ্ধে কৰা অশালীন মন্তব্য কৰাৰ পিছতে জাঙুৰ খাই উঠিছে জাতীয় নাৰী বাহিনী । অসমৰ ৰাজনীতিত অচল হৈ পৰাত বৰমুৰীয়াৰ নিৰ্দেশত মাজে মাজে আজমলে শিয়াল হৈ হুৱা দি ফুৰিছে বুলি মন্তব্য কৰে সম্পাদিকা মমী ৰায় চৌধুৰীয়ে।

লগতে পঢ়ক:WATCH | Amazon Sailfin Catfish: কাছাৰৰ কাটিগড়াত বিৰল প্ৰজাতিৰ মাছ উদ্ধাৰ