Massive stone syndicate in BTR: বিটিআৰত কাৰ আশীৰ্বাদত চলি আছে অভাৰলোড ডাম্পাৰৰ দৌৰাত্মক

গোসাইগাঁও,১ফেব্ৰুৱাৰী : বিটিআৰত শিলৰ বৃহৎ চিণ্ডিকেট। প্ৰতিটো অভাৰলোড ডাম্পাৰৰ পৰা সংগ্ৰহ কৰা হৈছে মোটা অংকৰ ধন।
কাৰ আশীৰ্বাদত চলি আছে অভাৰলোড ডাম্পাৰৰ দৌৰাত্মক ।
কোকৰাঝাৰ জিলাৰ পৰা ধুবুৰী হৈ বাংলাদেশ লৈ প্ৰতিদিনে নিশাই পাৰা হৈ আছে অভাৰলোড শশ ডাম্পাৰ । কুম্ভকৰ্ণ নিদ্ৰাত গোসাঁইগাঁও প্ৰশাসন আৰু বন বিভাগ ।
কচুগাঁও আৰু গোসাইগাঁও বন সংমণ্ডলৰ অন্তৰ্গত ভিন্ন অঞ্চলত অবৈধ ভাবে মাটি খনন কৰি ওলোৱা শিল শ্ৰীৰামপুৰ গেটাৰে সৰবৰাহ হৈ আছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ(Massive stone syndicate in BTR)।
প্ৰাপ্ত বাতৰি অনুসৰি, অভাৰলোড ডাম্পাৰ সমূহৰ পৰা লাখ লাখ টকাৰ ধন সংগ্ৰহ কৰে চিণ্ডিকেচ চক্ৰই, যাৰ ফলত দৈনিক লাখ লাখ টকাৰ ৰাজহ হেৰুৱাইছে ৰাজ্য চৰকাৰে ।
চকু মুদা কুলিৰ ভাওত স্থানীয় জনপ্ৰতিনিধি ।
অভাৰলোড ডাম্পাৰ চলাচল কৰাৰ ক্ষেত্ৰত সাংবাদিকৰ প্ৰশ্নত গা এৰা মন্তব্য বিটিআৰৰ কাৰ্যবাহী সদস্য উকিল মুছাহাৰীয়ে ।
দিছপুৰৰ মন্ত্ৰী আৰু বিটিআৰ চৰকাৰৰ আশীৰ্বাদ লৈ বণ বিভাগক মেনেজ কৰি কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সিন্ডিকেট চক্ৰই চলাই আছে নেকি অভাৰলোড ডাম্পাৰৰ চিণ্ডিকেট ।
লগতে পঢ়ক :Gunotsav :ৰাজ্যজুৰি ৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ