Local, Vocal, Global

ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান…

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান ।শুক্ৰবাৰৰ পৰা অসমত হাজাৰ হাজাৰ লোকক বাল্য বিবাহৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা কৰাৰ পিছতে ৰাজ্যজুৰি হাহাকাৰ ।ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃহস্পতিবাৰে নিশাই আৰক্ষীয়ে চলাই অভিযান। অভিযানত বাল্য বিবাহৰ অপৰাধত অভিযুক্ত বহু লোকক নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।অভিযানত দলগাঁও,খাৰুপেটীয়া,দেৰগাঁও,বঙাইগাঁও,ছিপাঝাৰ,হোজাইকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰে।বাল্য বিবাহৰ লগত জড়িত বহু লোকক বৃহস্পতিবাৰে নিশাই নগাঁৱৰ ৰূপহী,জুৰীয়া,চামগুৰিৰ বহু অঞ্চলৰ লোকে ট্ৰেভেলাৰ,বাছ ভাড়া কৰি কেৰালালৈ পলায়নৰ চেষ্টা কৰে।আৰক্ষীৰ এটা দলে অভিযান চলাই নিশা ৰূপহীৰ পৰা কেৰালা অভিমুখী ট্ৰেভেলাৰ বাছ খন জব্দ কৰে।আৰক্ষীয়ে বাছখনৰ পৰা বহুকেই জন লোকক আটক কৰে ।আটক কৰা লোককেইজনক সোধা পোছা অব্য়াহত ৰাখিছে আৰক্ষীয়ে।