Local, Vocal, Global

NHPC ত নদীবান্ধত ভয়ংকৰ ভূমিস্খলন;হোৰাহোৰে খহিছে জলবিদ্যুৎ প্ৰকল্পটোৰ পাহাৰ…

ডিজিটেল ডেস্ক:- NHPC ত ভয়ংকৰ অঘটন।NHPC নদীবান্ধত ভয়ংকৰ ভূমিস্খলন।হোৰাহোৰে খহিছে জলবিদ্যুৎ প্ৰকল্পটোৰ পাহাৰ।৫ মাৰ্চত প্ৰকল্পটোৰ পৰীক্ষামূলক উৎপাদন আৰম্ভ হৈছিল।নিৰ্মাণৰ সময়ৰ পৰাই বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত এইবাৰ ভয়াবহ ভূমিস্খলন সংঘটিত হৈছে।আজি পুৱা হোৰাহোৰে খহি পৰে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ পাহাৰ।

দৰাচলতে এই বছৰৰ জুন মাহৰ পৰা প্ৰথম পৰ্যায়ত পৰীক্ষামূলক ভাৱে ৫০০ মেগাৱাত বিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈছিল কৰ্তৃপক্ষই।তাৰ বাবে তেওঁলোকে ক্ষীপ্ৰতাৰে কাম কৰিছে।

জানিব পৰা মতে অৰুণাচল প্ৰদেশত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলতেই বান্ধৰ উপৰিভাগৰ জলভাণ্ডাৰত বিশাল পানী জমা হৈছিল।নেৰানেপেৰা বৰষুণৰ ফলতেই এই পৰিবেশৰ সৃষ্টি হয় নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পত।