Massive landslide in Nagaland: ডিমাপুৰত ভূমিস্খলনৰ লগতে পাহাৰৰ পৰা প্ৰকাণ্ড শিল বাগৰি ২ জনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩ জন
নেশ্যনেল ডেস্ক, ৪ জুলাই: মঙলবাৰে বিয়লি নাগালেণ্ডৰ ডিমাপুৰৰ চুমৌকেডিমাত সংঘটিত ভূমিস্খলনৰ লগতে প্ৰকাণ্ড শিল বাগৰি পৰাত দুজনৰ মৃত্যু হোৱাৰ লগতে তিনিজন লোক গুৰুতৰভাৱে আহত হয় (Massive landslide in Nagaland) ।
ডিমাপুৰৰ আৰক্ষী আয়ুক্ত কেভিথুটো ছফী (Kevithuto Sophie Commissioner of Police Dimapur) য়ে সংবাদ মাধ্যমক জনাোৱা অনুসৰি মঙলবাৰে বিয়লি প্ৰায় ৫:৩০ বজাৰ ভিতৰত ডিমাপুৰৰ পুৰণি চুমৌকেডিমা আৰক্ষীৰ চেক গেটৰ সমীপত সংঘটিত হয় এই শোকাৱহ ঘটনাটো । এই ভয়াৱহ ভূমিস্খলনৰ লগতে পাহাৰৰ পৰা শিল বাগৰি অহাৰ ফলত চাৰিখনকৈ বাহনৰ ক্ষতিসাধন হয় । ইয়াৰে বাহনৰ ভিতৰত আবদ্ধ এজন লোক ঘটনাস্থলীতে নিহত হয় । গুৰুতৰভাৱে আহত বাকী ৩ জন লোকক ডিমাপুৰৰ ৰেফাৰেল হস্পিতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত আৰু এজন লোকৰ মৃত্যু ঘটে ।
“এই ভয়াৱহ ঘটনাটোত দুজন লোক সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে তিনিজন গুৰুতৰভাৱে আহত হয়। বৰ্তমানেও তেওঁলোকক এজনকো চিনাক্ত কৰিব পৰা হোৱা নাই ।” আৰক্ষী আয়ুক্তগৰাকীয়ে এই কথা উল্লেখ কৰাৰ লগতে কয়, ভূমিস্খলনৰ ফলত বন্ধ হৈ যোৱা পথটোত অসংখ্য যান-বাহন আবদ্ধ হৈ পৰিছিল ।
ইফালে ভূমিস্খলনৰ তথ্য লাভ কৰাৰ পাছতেই ততাতৈয়াকৈ ডিমাপুৰৰ পৰা যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ দল সেই স্থানত উপস্থিত হৈ পথটো মুকলি কৰাৰ চেষ্টা কৰে । লগতে সেই স্থানত উপস্থিত আৰক্ষীৰ লোকে মৃত আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ।