Massive landslide hits Kullu : হিমাচলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা,ধ্বংসাৱশেষত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে বহু লোকক

নেশ্যনেল ডেস্ক, ২৪আগষ্ট : ৰুষ্ট প্ৰকৃতি! পুনৰ প্ৰকৃতিৰ ৰোষত হিমাচল প্ৰদেশ । হিমাচল প্ৰদেশত ২৪ঘন্টাত ৪বাৰকৈ ডাৱৰ বিস্ফোৰণ ।ফলত ১২জনকৈ লোকৰ মৃত্য়ু । লগতে ছিমলাতো বৰষুণে লৈছে ভয়ংকৰ ৰূপ যাৰ ফলত ৮জনকৈ লোক মৃত্যু মুখত পৰিছে । ইয়াৰ লগে লগে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে সমগ্র হিমাচলতে( Massive Landslide In Himachal Kullu Several Houses Collapse) ।
উল্লেখ্য যে, হিমাচল প্ৰদেশৰ কুল্লু জিলাত বৃহস্পতিবাৰে এক বৃহৎ ভূমিস্খলনৰ ঘটনা সংঘটি হয় যাৰ ফলত কেইবাটাও ঘৰ ধ্বংস হোৱাৰ লগতে বহু লোক ধ্বংসাৱশেষত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। এক ভিডিঅ’ যোগেদি এই ভূমিস্খলনৰ সমগ্ৰ দৃশ্য দেখা গৈছে য’ত কেইবাটাও বহুমহলীয়া অট্টালিকা ভাঙি গৈছে । জানিব পৰা মতে, এই অট্টালিকাৰ ধ্বংসাৱশেষত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে বহুলোকৰ(Massive landslide hits Kullu) ।
এই ভয়ংকৰ ভূমিস্খলনত আৱদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ)ৰ দৰে জৰুৰীকালীন সঁহাৰি দল মোতায়েন কৰা হৈছে(Buildings collapse in Anni caught on camera)।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজিৰে পৰা অহা দুদিন ধৰি হিমাচল প্ৰদেশত প্ৰচণ্ড বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে।
হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে এক্স(পূৰ্বতে টুইটাৰ)ত টুইট কৰি লিখে , “কুল্লুৰ আন্নিৰ পৰা ভয়ংকৰ দৃশ্য ওলাইছে, য’ত এটা ভয়াৱহ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আৰু বৃহৎ অট্টালিকা ভাঙি পৰা দেখা গৈছে।জানিব পৰা এই ভয়ংকৰ ঘটনাৰ আগজাননী পায় প্ৰশাসনৰ লোকে দুদিন পূৰ্বে অট্টালিকাটো খালী কৰিছিল।”
সংবাদ মাধ্যমৰ আগত কুল্লুৰ জ্যেষ্ঠ আৰক্ষী বিষয়া সাক্ষী ভাৰ্মাই কয় যে, “কুল্লু আৰু মাণ্ডী সংযোগী পথটো ধাৰাষাৰ বৰষুণৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।লগতে পাণ্ডোহ হৈ যোৱা এটা বিকল্প পথো ক্ষতিগ্ৰস্ত হৈছে। সেয়েহে যান-বাহনৰ চলাচল বন্ধ হৈ পৰিছে।”
প্ৰাপ্ত তথ্য অনুসৰি হিমাচল প্ৰদেশত হৈ থকা ডাৱৰ বিস্ফোৰণৰ ফলত কেইবাটাও ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও ৪০০ তকৈও অধিক পথ অৱৰোধ হৈছে।
বতৰ বিজ্ঞান বিভাগে বুধবাৰে এক ৰেড এলাৰ্ট জাৰি কৰি কয় যে, ৰাজ্যখনত হৈ থকা বৰষুণৰ ফলত ১২ খন জিলাৰ ভিতৰত ছয়খন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। জানিব পৰা মতে, এই মাহত ৰাজ্যখনত হৈ থকা বৰষুণ সম্পৰ্কীয় ঘটনাৰ ফলত ১২০ জন লোকৰ মৃত্যু হৈছে।
লগতে পঢ়ক :Under construction railway bridge collapses : নিৰ্মীয়মাণ ৰে’লৱে দলং খহি মৃত্যু ১৭ জন শ্ৰমিকৰ