Massive Landslide at pathrakuwari pandu : মহানগৰীৰ পাথৰকুঁৱৰী আৰু পাণ্ডুত ভয়ংকৰ ভূমিস্খল

নিউজ ডেস্ক,২০জুন : গুৱাহাটী মহানগৰীৰ পাথৰকুঁৱৰী আৰু পাণ্ডুত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। পাথৰকুঁৱৰীস্থিত সাগৰিকা বিবাহ ভৱনৰ চৌহদৰ পিছফালে থকা পাহাৰৰ বিশালকায় ৰঙা মাটি খহি পৰে ফলত এখন প্ৰকাণ্ড পকী দেৱাল ভাঙি পৰে(Massive Landslide at pathrakuwari pandu)।
ইয়াৰোপৰি পাহাৰৰ ৰঙা মাটিৰ তলত সোমাই যায় এখন বেলে’ন বাহন। যিকোনো মুহূৰ্তত পাহাৰৰ বৃহৎ অংশ খহি অহাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ।
ৰাইজৰ অভিযোগ অনুসৰি ঘটনাস্থলীত এতিয়াও উপস্থিত হোৱা নাই বন বিভাগ কিম্বা প্ৰশাসনৰ লোক।
ইফালে মহানগৰীৰ পাণ্ডুতো সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। জানিব পৰা মতে ব্ৰহ্মপুত্ৰ নদীত পৰিল দুখন ঘৰৰ আধা অংশ। ধাৰাসাৰ বৰষুণৰ ফলত খহি পৰে দুয়োখন ঘৰৰ আধা অংশ। দুয়োখন ঘৰৰ আধা অংশ খহি পৰাৰ ফলত বিভিন্ন সামগ্ৰী ব্ৰহ্মপুত্ৰৰ বুকুত পৰে। উল্লেখ্য যে পাণ্ডুৰ বিজয় হালৈ আৰু বিনয় ডেকাৰ ঘৰত সংঘটিত হৈছে এই ঘটনা।
সমান্তৰালকৈ একেই অঞ্চলত এখন ঘৰত খহি পৰিল প্ৰকাণ্ড শিল। ধীৰেণ দাস নামৰ লোক এজনৰ ঘৰত পাহাৰৰ শিল পৰাৰ কথা জানিব পৰা গৈছে । পাণ্ডু কামাখ্যা সংযোগী পথৰ কাষত সংঘটিত হৈছে এই ঘটনা।