Titabor Fire incident : তিতাবৰত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ’ল ৫ খনকৈ দোকান

নিউজ ডেস্ক, ৫ আগষ্ট : নিশা তিতাবৰত বিধ্বংসী অগ্নিকাণ্ড(Titabor Fire incident)। শুকুৰবাৰে নিশা তিতাবৰ নগৰৰ মাজমজিয়াতে তিতাবৰ ষ্টেচন তিনি আলিত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা(Massive Fire Incident at Titabor Several shop Gutted) । নিমিষতে জুই লেলিহান শিখাই সমগ্ৰ অঞ্চলটো চানি ধৰে ৷ ফলত বহু লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যোৱাৰ লগতে সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় ৫ খনকৈ দোকান ৷
ইফালে ঘটনা সন্দৰ্ভত তিতাবৰ আৰক্ষীক খবৰ দিয়াৰ পাছতো বিভিন্ন অজুহাত দি বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ঘটনাস্থলীত তিতাবৰ, বৰহোলা, মৰিয়নী পৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহিছিল যদিও বহু সময়ৰ অন্ততহে এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
অগ্নিকাণ্ডৰ পাছত ঘটনাস্থলীত তিতাবৰ মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ বুজ লয় । অগ্নিকাণ্ড কাৰণ বর্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই। পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱা বাবে ৰাইজে উতপ্ত পৰিস্থিতি সৃষ্টি কৰে।
লগতে পঢ়ক : Wooden Bridge Collapsed : নিৰ্মাণৰ দুবছৰ নৌহওঁতেই ভাগি পৰিল চতিয়াৰ পলশনিৰ টৌ দলঙ খ্যাত কাঠৰ দলং