কোককৰাঝাৰত ভয়ংকৰ অগ্নিকাণ্ড- ১ কোটি টকাৰ সম্পত্তিৰ ক্ষতিসাধন

নিউজ ডেস্ক,১৩ মাৰ্চঃ শনিবাৰে নিশা কোকৰাঝাৰ ৰে’লৱে ষ্টেচনৰ সমীপৰ কোকৰাঝাৰ দৈনিক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
খবৰ অনুসৰি, এই বিধ্বংশী অগ্নিকাণ্ডত ১০ খনতকৈয়ো অধিক দোকান জ্বলি ভষ্মীভূত হয়। যাৰ ফলত বহু সা-সম্পত্তিৰ ক্ষতি সাধন হয়।
অৱশ্যে এই অগ্নিকাণ্ডত সৌভাগ্যক্ৰমে কোনো লোক আহত হোৱা নাই।
ইফালে ভয়ংকৰ অগ্নিকাণ্ডৰ আঁৰৰ কাৰণটো বৈদ্যুতিক বিজুটিৰ বাবে হোৱা বুলি সন্দেহ কৰা হৈছে।
পিছত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।