Local, Vocal, Global

Massive fire breaks out in Tinsukia : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ নিহত এজন

নিউজ ডেস্ক,২৬জুন : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ এজন ।

তিনিচুকীয়াত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। মঙলবাৰে নিশা মাকুম ৰোডৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সমীপৰ শুকানপুখুৰীস্থিত ৰঞ্জিত পেটেল নামৰ এজন লোকৰ ডেম্পত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটো(Massive fire breaks out in Tinsukia) ।

এই অগ্নিকাণ্ডৰ ফলত ডেম্পটো সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে ডেম্পটোৰ এজন কৰ্মচাৰী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয়। যুৱক এজন শুই থকা অৱস্থাত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয়।মৃত যুৱকজন ৰাহুল পেটেল বুলি জানিব পৰা গৈছে ।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত তিনিচুকীয়া সদৰ আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ।

লগতে পঢ়ক : Massive fire breaks out in Tamulpur after oil tanker explodes : পেট্ৰ’ল পৰিবাহী টেংকাৰত বিস্ফোৰণ