Massive fire breaks out in Silapathar : চিলাপথাৰত বিধ্বংসী অগ্নিকাণ্ড; ভস্মীভূত দুখনকৈ দোকান
নিউজ ডেস্ক,২৮ছেপ্তেম্বৰ : চিলাপথাৰত বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ভস্মীভূত দুখনকৈ দোকান।
জানিব পৰা মতে, শুকুৰবাৰে নিশা প্ৰায় ৮:৩০ বজাত চিলাপথাৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। চিলাপথাৰৰ ফণিৰাম টায়েং দৈনিক বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো।
আকস্মিকভাৱে জ্বলি উঠে দোকান দুখন। চকুৰ পচাৰতে জ্বলি ভস্মীভূত সকলো। ফলত বুজন পৰিমাণৰ সম্পত্তি ক্ষয় ক্ষতি হয়(Massive fire breaks out in Silapathar)।
লগে লগে ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় । পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰি কোনোমতে নগৰখন ৰক্ষা কৰে যদিও দুয়োখন দোকানৰ পৰা কোনো বয় বস্তু বচাব পৰা নগ’ল।দোকান দুখনৰ গৰাকী ক্ৰমে ৰাজা পাইত, মঞ্জয় মাঝি আৰু সন্তোষ চাহু।
ফলমূল,তামোল আৰু কণীৰ পাইকাৰী দোকান আছিল দুয়োখন। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাৰে অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে।
লগতে পঢ়ক : Drugs peddler arrested along with drugs : তীৰ্থনগৰী হাজোত ৪ কোটি টকাৰ নিষিদ্ধ ব্ৰাউন ছুগাৰসহ আহত সৰবৰাহকাৰী