Local, Vocal, Global

Massive fire breaks out in Rangia : ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্ত অগ্নিদগ্ধ এজন

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰী : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । জীৱন্ত অগ্নিদগ্ধ এজন ।

ৰঙিয়াত সংঘটিত হৈছে ভয়ংকৰ ঘটনাটো । ৰঙিয়াৰ নগৰৰ ৫নং ৱাৰ্ডৰ শ্মশান কালী মন্দিৰৰ সমীপৰ এটা ঘৰত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়(Massive fire breaks out in Rangia) ।

জানিব পৰা মতে, দিম্বেশ্বৰী বনিয়া নামৰ বৃদ্ধা জনৰ ঘৰত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় । এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সময়ত ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছিল শিশু, বৃদ্ধসহ তিনিজন লোক।

এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাত ঘৰৰ দৰ্জা ভাঙি শিশুটোক উদ্ধাৰ কৰে কিন্তু জুই ইমানে ভয়ংকৰ আছিল নিমিষতে শতবৰ্ষ গৰকা বৃদ্ধাগৰাকী জীৱন্তে অগ্নিদগ্ধ হয়।

জুই লগা ঘৰটোৰ ভিতৰৰ পৰা কোনোমতে মুৰ্মূৰ্ষ অৱস্থাত দিম্বেশ্বৰী বনিয়া নামৰ বৃদ্ধাগৰাকীক উদ্ধাৰ কৰা হয় আৰু লগে লগে গুৰুতৰভাৱে আহত বৃদ্ধাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাবে ১০৮ এম্বুলেঞ্চ সেৱাক বাবে বাৰে যোগাযোগ কৰা হয় যদিও কোনো সহাৰি নাপাই । বহু পলমলৈকে ১০৮ এম্বুলেঞ্চ সেৱাৰ পৰা কোনো সহাৰি নোপোৱাত উপাই বিহীন হৈ বৃদ্ধাগৰাকীক এখন মালবাহী চাৰিচকীয়া বাহনত চিকিৎসালয়লৈ নিয়া হয়।

কিন্তু তাৰ পৰা সংকটজনক অৱস্থাত বৃদ্ধাগৰাকীক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। পৰিয়ালৰ লোকসকলে জ্বলাই থোৱা মমৰ পৰাই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে(Massive fire breaks out in Rangia)।

লগতে পঢ়ক : Assam Police Send Summons To Rahul Gandhi : ২৩ ফেব্ৰুৱাৰীত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ জাননী কংগ্ৰেছ নেতা ৰাহুল গান্ধীক