Local, Vocal, Global

Massive fire breaks out in Lakhimpur: দীপাৱলীৰ আনন্দ উলাহৰ মাজতে লখিমপুৰত দুটাকৈ অগ্নিকাণ্ড

নিউজ ডেস্ক,২নৱেম্বৰ : দীপাৱলী আৰু কালি পূজাৰ আনন্দ উলাহৰ মাজতে লখিমপুৰ নগৰ এলেকাত দুটাকৈ অগ্নিকাণ্ডৰ ঘটনা । শুকুৰবাৰে বিয়লি সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো ৷

জানিব পৰা মতে, শুকুৰবাৰে সন্ধিয়া প্ৰথমটো অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় নগৰৰ পৰা চাপৰি গাঁও সংযোগী পথত থকা এটা কাৱাৰীৰ গুদামত। সৌভাগ্য ক্ৰমে এই গুদামৰ অগ্নিকাণ্ডই বিধ্বংসী ৰূপ ধাৰণ কৰাৰ আগেয়েই স্থানীয় লোকৰ তৎপৰতাত অগ্নিকাণ্ডটো নিয়ন্ত্ৰণ হয় । অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই ৰাইজে এই অগ্নিকাণ্ডটো নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ সক্ষম হয় ।ৰাস্তাত ফুটুৱা বোমাৰ পৰাই এই গুদামত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰে(Massive fire breaks out in Lakhimpur)।

ইফালে দ্বিতীয়টো অগ্নিকাণ্ড সংঘটিত হয় নগৰৰ ডি কে ৰোডৰ বিশাল মাৰ্কেটৰ কাষতে। এই এলেকাত থকা হনুমান কটন কোম্পানীৰ গুদামত অগ্নিকাণ্ড সংঘটিত হয় । আৰক্ষী, দুৰ্যোগ প্ৰশমন বিভাগ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ ঐক্যবদ্ধ প্ৰচেষ্টাত প্ৰায় দুঘন্টাৰ পাছত অগ্নিকাণ্ডটো নিয়ন্ত্ৰণ হয় । এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪০ লাখ টকাৰ সা-সামগ্ৰী জাহ যায় বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :Tea factory employee kidnapped in Tinsukia: বিগত ৯ দিনে সন্ধানহীন গৌতম বসুমতাৰী