Massive fire breaks out in Lakhimpur : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত চাৰিখন নতুন গাড়ীসহ বহু পৰিমাণৰ গাড়ীৰ যন্ত্র-পাতি

নিউজ ডেস্ক,৩১জুলাই : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত চাৰিখন নতুন গাড়ীসহ বহু পৰিমাণৰ গাড়ীৰ যন্ত্র-পাতি ।
লখিমপুৰৰ নাওবৈচাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । মঙলবাৰৰৰ নিশা প্ৰায় ১০.৩০ বজাত নাওবৈচা লথৌস্থিত বিশ্বনাথ অশোক মহেন্দ্ৰ ডিলাৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ।এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিমিষতে চাৰিখন নতুন গাড়ীসহ বহু পৰিমাণৰ গাড়ীৰ যন্ত্র-পাতি জাহ । অগ্নিকাণ্ডত ডিলাৰটো মূল গৃহটো ভস্মীভূত হয়(Massive fire breaks out in Lakhimpur) ।
ডিলাৰটোত প্ৰায় সহস্ৰাধিক বিভিন্ন মডেলৰ নতুন গাড়ী মজুত ৰাখিছিল বুলি জানিব পৰা গৈছে । অতি ভয়াৱহ ৰূপ ধাৰণ কৰা এই অগ্নিকাণ্ডটো নিয়ন্ত্রণ কৰিবলৈ প্ৰায় চাৰিঘন্টামান সময়ৰ প্ৰয়োজন হয় । লখিমপুৰ সদৰৰ পৰা কেবাখনো গাড়ীসহ অগ্নিনিৰ্বাপক বাহিনী আহি নিশা প্ৰায় ১ বজাত কোনোমতে জুই নুমুৱাবলৈ সক্ষম হয় ।
উল্লেখ্য যে, ডিলাৰৰ ভিতৰত থকা গাড়ীৰ ইন্ধন, ম’বিল আদিৰ বাবে অগ্নিকাণ্ডটোৱে ভয়াৱহ ৰূপ ধাৰণ কৰে । বৈদ্যুতিক শ্বৰ্ট চার্কিটৰ ফলতেই এই অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে ।
লগতে পঢ়ক :Sensational Incident in Mangaldoi : প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰৰ পিছতে প্ৰেমিকে ল’লে চৰমপন্থা