Massive fire breaks out in Doboka: ডবকাত বিধ্বংসী অগ্নিকাণ্ড; ভস্মীভূত কেৰেলিয়ান ৰেষ্টুৰেণ্ট
নিউজ ডেস্ক,৪ফেব্ৰুৱাৰী : পুৱতি নিশা ডবকা-ডিফু বাইপাছত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত কেৰেলিয়ান ৰেষ্টুৰেণ্ট।
ৰফিক নামৰ এজন যুৱকৰ আছিল কেৰেলিয়ান ৰেষ্টুৰেণ্টখন(Massive fire breaks out in Doboka)।
অগ্নিকাণ্ডৰ ফলত তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয় ।
চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।
অগ্নিকাণ্ডত হোটেল, সা-সামগ্রী সম্পূৰ্ণভাৱে জ্বলি ছাই হৈ যায়।
জুইত জাহ যায় লক্ষাধিক টকাৰ সম্পত্তি
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাৰ অভিযোগ।
লগতে পঢ়ক :Uttar Pradesh Train Accident: উত্তৰ প্ৰদেশৰ ফতেহপুৰত ৰে’ল দুৰ্ঘটনা