Local, Vocal, Global

Massive fire breaks out in Dhemaji: বিধ্বংসী অগ্নিকাণ্ড; ভস্মীভূত ১২খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

নিউজ ডেস্ক,১৬নৱেম্বৰ : বিধ্বংসী অগ্নিকাণ্ড।অগ্নিকাণ্ডত ভস্মীভূত ১২খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান৷

ধেমাজি জিলাৰ মাছখোৱা চাৰিআলিত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।অগ্নিকাণ্ডত ভস্মীভূত হয় মনোহাৰী দোকান,ফাৰ্মাচী,বাচন-বৰ্ত্তনৰ দোকানৰ লগতে প্ৰায় ১২ খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান৷জুইত জাহ জাই কেইবা কোটি টকাৰ সামগ্ৰীৰ(Massive fire breaks out in Dhemaji)।

এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ বহু সময়ৰ পাছত অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় যদিও ইতিমধ্যে জ্বলি শেষ হৈ যায় বহু কোটি টকাৰ সামগ্ৰী। জানিব পৰা মতে,জুই নিৰ্বাপন কৰিবলৈ এখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী প্ৰথমে আহে যদিও সেই বাহনখনে জুই নিৰ্বাপিত কৰিবলৈ নোৱাৰাত ধেমাজিৰ পৰা আন এখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীলৈ আহে।

তথ্যমতে এখন মনোহাৰী দোকানত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে৷

লগতে পঢ়ক :Attempted kidnapping of teenager in Guwahati: প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে কিশোৰীক অপহৰণৰ চেষ্টা