Massive fire breaks out in Dhekiajuli : ঢেকীয়াজুলিৰ কৰ অধীক্ষকৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ভস্মীভূত নথি পত্ৰ, কম্পিউটাৰ

নিউজ ডেস্ক,২১জুলাই : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত কৰ অধীক্ষকৰ কাৰ্যালয় ।
ঢেকীয়াজুলিত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । দেওবাৰে পুৱতি নিশা ঢেকীয়াজুলিৰ কৰ অধীক্ষকৰ কাৰ্যালয়ত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো।
এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিমিষতে কাৰ্যালয়টোৰ নথিপত্ৰ, কম্পিউটাৰ জ্বলি ছাৰখাৰ(Massive fire breaks out in Dhekiajuli)।
কোনো দুষ্টচক্ৰই এই অগ্নি সংযোগ কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ।
এই ঘটনটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত ঢেকীয়াজুলি আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লৈ তদন্ত আৰম্ভ কৰে ৷