Local, Vocal, Global

Massive fire breaks out in Chapar : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত কেইবা লাখ টকাৰ সম্পত্তিৰ লগতে মূল্যৱান নথি পত্ৰ

চাপৰ,১০জুলাই : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ ।

চাপৰৰ ৰৌমাৰীত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ।বুধবাৰে চাপৰৰ ৰৌমাৰী দ্বিতীয় খণ্ড গাঁৱত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো।

এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিমিষতে দাও দাও কৈ জ্বলি উঠে এটি বাসগৃহ আৰু অগ্নিকাণ্ডৰ ফলত বহু মূল্যৱান নথি পত্ৰৰ লগতে সোন-ৰূপৰ আ-অলংকাৰ সহ প্ৰায় দুই লক্ষাধিক টকাৰ ক্ষয় ক্ষতি হয় ।

ৰৌমাৰী দ্বিতীয় খণ্ড গাৱৰ বাসিন্দা আবুল সেখ নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো। শ্বট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ(Massive fire breaks out in Chapar)।

এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীক ঘটনা সন্দৰ্ভত খবৰ দিয়া হৈছিল যদিও অঞ্চলটোৰ যাতায়ত ব্যৱস্থা সুচল নথকাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হোৱাত দেৰি হয় আৰু চকুৰ সন্মুখত ঘৰখন জুইজ জাহ যায় ।

লগতে পঢ়ক : Dhakuakhana Murder Investigations Underway : সুনীল গগৈ জীয়াই আছে! CIDয়ে সুনীল গগৈৰ পত্নীক জনালে বিস্ফোৰক তথ্য