Local, Vocal, Global

Massive fire breaks out in Chapar : বিধ্বংসী অগ্নিকাণ্ড; জুইত ভস্মীভূত বাসগৃহ প্ৰয়োজনীয় নথি-পত্ৰৰ লগতে নগদ ধন

চাপৰ, ১৯ ফেব্ৰুৱাৰী : বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । জুইত ভস্মীভূত বাসগৃহ, প্ৰয়োজনীয় নথি-পত্ৰ আৰু সা-সামগ্ৰী লগতে নগদ ধন(Massive fire breaks out) ।

চাপৰ নগৰৰ পাৰ্শ্বৱৰ্তী তথা বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সুতিৰমুখত খেলুৱাপাৰা ২য় খণ্ড গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত জাহ যায় জহিৰুল ইছলাম নামৰ লোকজনৰ আৱাসগৃহ । লগতে জুইত ভস্মীভূত প্ৰয়োজনীয় নথি-পত্ৰ, সা-সামগ্ৰী আৰু নগদ ধন ।

এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত নিৰ্বাপিত হয় জুই । কথমপি ৰক্ষা পৰে এটা বৃহৎ আবাসিক এলেকা ।সুচল বাট পথ নথকাৰ বাবে ঘটনাস্থলীত উপস্থিত হ’ব নোৱাৰিলে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন(Massive fire breaks out in Chapar ) ।

জানিব পৰা মতে, বৈদ্যুতিক চৰ্ট-চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে । অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হয় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :In Modi 3.0, India will be free from terrorism, separatism, Naxalism : প্ৰধানমন্ত্ৰী মোডীৰ তৃতীয় কাৰ্যকালত ভাৰত সন্ত্ৰাসবাদ আৰু নক্সালবাদৰ পৰা মুক্ত হ’ব: অমিত শ্বাহ