Local, Vocal, Global

Massive fire breaks out in Bilasipara: বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা

বিলাসীপাৰা,১৮ফেব্ৰুৱাৰী : বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।সোমবাৰে নিশা সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো।

কদমতোলা তৃতীয় খণ্ড গাঁৱৰ আব্দুল জলিল নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটো। অগ্নিকাণ্ডৰ ফলত ঘৰত মজুত থকা ধান, চাউল, শস্য আৰু প্ৰয়োজনীয় নথি পত্ৰকে ধৰি নগদ ডেৰ লক্ষাধিক টকা জুইত ভস্মীভূত হয়। আনুমানিক প্ৰায় ৫ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হয় বুলি জানিব পৰা গৈছে(Massive fire breaks out in Bilasipara)।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। পিছত বিলাসীপাৰা অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক:BJP Poses 12 Questions to Congress MP Gaurav Gogoi:সাংসদ গৌৰৱ গগৈ লৈ বিজেপিৰ ১২টা প্ৰশ্ন! কি এই ১২টা প্ৰশ্ন?