Massive fire breaks out in Bilasipara: বিলাসীপাৰাত ভয়ংকৰ অগ্নিকাণ্ড;ভস্মীভূত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান
বিলাসীপাৰা,৩১ডিচেম্বৰ : বছৰ শেষৰটো দিনত বিলাসীপাৰাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বিলাসীপাৰা সমজিলাৰ টিলাপাৰা বজাৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।
অগ্নিকাণ্ডত ভস্মীভূত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু দোকান(Massive fire breaks out in Bilasipara)।
পুৱাৰ ভাগত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাৰ ফলত নিমিষতে জুইৰ লেলিহান শিখাই পুৰি ছাৰখাৰ কৰে কেইবা কোটি টকাৰ সা-সম্পত্তি।
এই ভয়ংকৰ অগ্নিকাণ্ডৰ খবৰ অগ্নিনিৰ্বাপক বাহিনীক দিয়া হয় যদিও কিছু পলমকৈ হলেও ঘটনাস্থলীত উপস্থিত হয় বিলাসীপাৰা আৰু চাপৰৰ পৰা কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আৰু জুই নিৰ্বাপন কৰে। ফলত জুইৰ শিখাৰ পৰা ৰক্ষা পৰে টিলাপাৰা বজাৰৰ আন আন দোকান পোহাৰ সমূহ।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
লগতে পঢ়ক :Jal Jeevan Mission Scheme :সৰুপথাৰত জল জীৱন মিছন আঁচনি ৰূপায়ণৰ নামত ব্যাপক অনিয়ম