Massive fire breaks out in Bilasipara: ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা;ভস্মীভূত বাসগৃহ

বিলাসীপাৰা,২৭ডিচেম্বৰ : বিলাসীপাৰাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। শুকুৰবাৰে দিনৰ ভাগত হাতীপোতা প্ৰথম খণ্ড গাঁৱত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটো।
আকছেৰ আলী নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো(Massive fire breaks out in Bilasipara)।
অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় বাসগৃহ। অগ্নিকাণ্ডৰ ফলত প্ৰায় ৬০ হাজাৰ টকা লগতে ধান, নথি-পত্ৰত জুইত জাহ জাই।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই জুইৰ সূত্ৰপাত প্ৰকৃত কাৰণ।
লগতে পঢ়ক :Protest in Jagiroad:তেজ দিম, মাটি নিদিও শ্লোগানেৰে জাগীৰোডৰ গোভাত উত্তাল প্ৰতিবাদ