Local, Vocal, Global

Massive fire breaks out in Bihali :বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত নগদ ধন আৰু বহু নথি পত্ৰ

নিউজ ডেস্ক,২০ছেপ্তেম্বৰ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত নগদ ধন আৰু বহু নথি পত্ৰ ।

বিহালী চাহ বাগিছাৰ ১৫ নং লাইনত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

জানিব পৰা মতে, বৈদ্যুতিক চাৰ্কিটৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো(Massive fire breaks out in Bihali)৷

উল্লেখ্য যে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰত উপস্থিত নাছিল গৰাকী ৷ ফলত এই অগ্নিকাণ্ডত গুৰুত্বপূৰ্ণ বহু নথি পত্ৰৰ লগত নগদ ৩৫ হাজাৰ টকা আৰু আ-অলংকাৰ জুইত জাহ যায়৷

অৱশ্যে পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :Kamrup Metro Schools Change Timings : উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়-সূচী সলনি