Massive fire breaks out at wedding ceremony : বিবাহস্থলীত ভয়ংকৰ অগ্নিকাণ্ড;মৃত্যু ১১৫গৰাকীৰ ,আহত ১৫০ৰো অধিক

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ছেপ্টেম্বৰ : এক মৰ্মান্তিক ঘটনা । বিবাহস্থলীত ভয়ংকৰ অগ্নিকাণ্ড । ফলত মৃত্যু ১১৫জনতকৈও অধিক লোকৰ । আহত হয় ডেৰ শতাধিক লোক । বিবাহত ফুটুকা ফটকাই হ’ল কাল বিবাহস্থলীত বাবে । ইৰাকৰ উত্তৰ নীনভে প্ৰদেশত সংঘটিত হৈছে এই শোকাৱহ ঘটনাৰ(At least 115 killed over 150 injured as fire engulfs wedding party in Iraq) ।
উল্লেখ্য যে, ইৰাকৰ উত্তৰ নীনভে প্ৰদেশৰ আল-হমদানিয়া নামৰ জিলাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । আল-হমদানিয়া নামৰ জিলাৰ এখন বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হৈ থকাৰ সময়তে ফটকা ফুটাই আছিল আৰু ফটকাই হ’ল কাল বিবাহস্থলীৰ বাবে । হঠাতে ফটকাৰ পৰা অগ্নিকাণ্ডৰ সংযোগ হয় আৰু জুই বিয়পি পৰে । অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত বিবাহভৱনটোৰ ভিতৰত আছিল শ শ অতিথি(Massive fire breaks out at wedding ceremony) ।
খবৰ অনুসৰি. অগ্নিকাণ্ডৰ ফলত এই পৰ্যন্ত ১১৫জনতকৈও অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি আহতৰ সংখ্যা হৈছে ১৫০ৰো অধিক। ইপিনে মৃতকৰ ভিতৰত দৰা-কইনাও থকাৰ কথা প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত(At least 115 killed 150 injured in fire at Iraq wedding party)।
আতচবাজীৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যদিও বৰ্তমানলৈ পোহৰলৈ অহা নাই ইয়াৰ তথ্য । আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব। অৱশ্যে ঘটনাৰ সন্দৰ্ভত উদ্ধাৰ অভিযানৰ লগতে প্ৰাথমিক তদন্তও সম্পন্ন কৰিছে জিলাখনৰ প্ৰশাসনে।
নীনভেৰ উপ-ৰাজ্যপাল হাছান আল আল্লাকে ৰয়টাৰ সংবাদ সংস্থাক জনোৱা মতে, এতিয়ালৈকে ১১৫ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। মঙলবাৰে নিশা স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১০:৪৫ বজাত (১৯:৪৫ জিএমটি) অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে( 115 killed over 150 hurt as fire breaks out at wedding party in Iraq)।
বুধবাৰে পুৱা নীনভেৰ প্ৰাদেশিক গৱৰ্ণৰ নাজিম আল জুবুৰীয়ে সতৰ্ক কৰি দিয়ে যে অগ্নিকাণ্ডৰ ফলত অগ্নিকাণ্ডৰ ফলত কিমান লোক আহত আৰু নিহত হৈছে তাৰ কোনো সঠিত তথ্য পোৱা নাই, কিন্তু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আকংশা কৰা হৈছে ।
লগতে পঢ়ক :Manipur Students Killing: মণিপুৰত পুনৰ বন্ধ ইণ্টাৰনেট সেৱা,বন্ধ শিক্ষানুষ্ঠান