Massive Fire Breaks Out at Tinsukia : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ১০-১৫ টা বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান
নিউজ ডেস্ক,২৮মাৰ্চ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত ১০-১৫ টা বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান।
তিনিচুকীয়া জিলাৰ বৰডুবিৰ বাহাদুৰ চাৰিআলিত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। বুধবাৰে নিশা বৰডুবিৰ বাহাদুৰ চাৰিআলিৰ ৰে’ল ক্ৰচিঙৰ সমীপত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো(Massive Fire Breaks Out at Tinsukia) ।
এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিমিষতে জুইয়ে আৱৰি ধৰে ১০-১৫ টা বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান ।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় তিনিচুকীয়া আৰু অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজানৰ চাৰিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী। অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলাই(Massive Fire Breaks Out at Tinsukia) ।
কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। এই অগ্নিকাণ্ডৰ ফলত বৃহত্তৰ অঞ্চলটোত আতংকময় পৰিৱেশে বিৰাজ কৰিছে ।
লগতে পঢ়ক : One Killed In Road Accident: তীব্ৰবেগী বাইকৰ খুন্দাত নিহত কিশোৰ