Local, Vocal, Global

Massive fire breaks out at Silapathar : ভয়ংকৰ অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত ফাৰ্নিচাৰ দোকানসহ এটা ভাড়া ঘৰ

চিলাপথাৰ,২৩মে’ : ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত ফাৰ্নিচাৰ দোকানসহ এটা ভাড়া ঘৰ। লগতে কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি । চিলাপথাৰ ডিমৌত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো ৷

জানিব পৰা মতে,বৃহস্পতিবাৰে পুৱা চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌ চাৰি আলিত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। পুৱা প্ৰায় ১০ বজাত ডিমৌ চাৰিআলিস্থিত এখন ফাৰ্নিচাৰ দোকানত জুইৰ সূত্ৰপাত হয় আৰু ফাৰ্নিচাৰ দোকানসহ এটা ভাড়া ঘৰ জুইত জ্বলি সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জ্বলি ভস্মীভূত হয় (Massive fire breaks out at Silapathar) ৷

এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ৰাইজে জুই নুমাবলৈ চেষ্টা চলায় যদিও জুই নুমাবলৈ সক্ষম নোহোৱাত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু জুই জুই নুমাবলৈ সক্ষম হয়। অগ্নিনিৰ্বাপক বাহিনীৰ দল আৰু ৰাইজৰ আপ্ৰাণ চেষ্টাত কথমপি ৰক্ষা পৰে ডিমৌ চাৰিআলিৰ সকলো দোকান বজাৰ ৷

বৰ্তমানলৈ জানিব পৰা হোৱা নাই জুইৰ সূত্ৰপাতৰ কাৰণ । বিদ্যুৎৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : Youth Missing After Drowning into Brahmaputra River : ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন যুৱক